নগাঁৱত মহিলাৰ অৰ্ধগলিত মৃতদেহ উদ্ধাৰ

নগাঁৱত মহিলাৰ অৰ্ধগলিত মৃতদেহ উদ্ধাৰ

নগাঁও চহৰৰ পৰা ১০ কিঃমিঃ নিলগৰ মহমৰীয়াত আজি পুৱা এগৰাকী মহিলাৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে । জানিব পৰা মতে, আজি পুৱা অঞ্চলটোৰ একাংশ লোকে পথাৰলৈ যোৱা অৱস্থাত এটা দ খাৱৈত এগৰাকী মহিলাৰ অৰ্ধগলিত মৃতদেহ প্ৰত্যক্ষ কৰে ।

এই খবৰ বিয়পি পৰাত অঞ্চলটোত হুৱা-দুৱা লাগে । পাছত স্থানীয় একাংশ লোকে আৰক্ষীক খবৰ দিয়াত আৰক্ষী ঘটনাস্থলীত উপস্থিত হয় যদিও ঠাইখন অতি দুৰ্গম হোৱাৰ বাবেই মৃতদেহটো ৪ ঘণ্টা সময়ৰ পাছত উদ্ধাৰ কৰিবলৈ সক্ষম হয় ।

স্থানীয় ৰাইজে মহিলাগৰাকীক কোনো দুষ্কৃতিকাৰীয়ে ধৰ্ষণ কৰি হত্যা কৰাৰ সন্দেহ প্ৰকাশ কৰিছে । আৰক্ষীয়ে ইতিমধ্যে মৃতদেহটো বৰজহা গাঁৱৰ ৰূপা বৰা বুলি নিশ্চিত কৰিছে ।

মৃতদেহটো আৰক্ষীয়ে উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰিছে । কোনে কি কাৰণত মহিলাগৰাকীক এইদৰে হত্যা কৰি পেলাই থৈ গ'ল সেই কথা আৰক্ষীৰ সঠিক তদন্ততহে পোহৰলৈ আহিব ।

Your Comments