এটুপি বিশুদ্ধ খোৱাপানীৰ বাবে হাহাকাৰ তামুলপুৰত

এটুপি বিশুদ্ধ খোৱাপানীৰ বাবে হাহাকাৰ তামুলপুৰত

বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ অন্তৰ্গত বগাজুলী অঞ্চলৰ গনেশগুৰি, চিগুনতলা আদিকে ধৰি প্ৰায় পাঁচখন গাঁৱৰ ৰাইজৰ বাবে এটুপি বিশুদ্ধ খোৱাপানী এতিয়াও সপোন হৈয়ে ৰৈছে ।

 প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ডিজিটেল ইণ্ডিয়াৰ সপোনে ঢুকি নোপোৱা এটি অঞ্চল । দেশৰ উন্নয়নৰ বাবে শাসনাধিষ্ঠিত চৰকাৰখনে বহু আঁচনিৰ প্ৰৱৰ্তন কৰিছে ঠিকেই ৷ কিন্তু আজিও সেই আঁচনিসমূহে চুব পৰা নাই বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ ভাৰত-ভূটান সীমান্তত অৱস্থিত এই অঞ্চলক ।

এটুপি বিশুদ্ধ খোৱাপানীৰ বাবে হাহাকাৰ তামুলপুৰত

আজিৰ তাৰিখতো নলা-নৰ্দমাৰ পানীয়েই একমাত্ৰ সাৰথি অঞ্চলবাসীৰ বাবে । নাদৰ লেতেৰা পানী খাই দুৰ্বিষহ জীৱন পাৰ কৰিছে বৃহত্তৰ অঞ্চলটোৰ ৰাইজে । 

উপায়হীন হৈ অঞ্চলটোৰ ৰঙিয়া-ভূটান পথৰ ওপৰত অৱস্থিত পকী দলঙৰ তলেৰে যোৱা এ মই এছৰ বাবে যোগান ধৰা পাইপৰ ফুটাৰে সৰকা পানী সেৱন কৰি দিন অতিবাহিত কৰিছে ।

লক্ষণীয়ভাৱে মহকুমাটোত এটা বিয়াগোম জনস্বাস্থ্য কাৰিকৰী বিভাগ আছে যদিও ২০০তকৈ অধিক পানী যোগান আঁচনি অঞ্চলটোত বিকল হৈ আছে ।

হাগ্ৰামা মহিলাৰীৰ মডেল বিটিচি চৰকাৰ আৰু শাসকীয় বিজেপি চৰকাৰ মিত্ৰজোঁটত থকাৰ পাছতো জনসাধাৰণৰ বাবে এটুপি বিশুদ্ধ খোৱাপানী যোগান ধৰাৰ ক্ষেত্ৰত বিফল হৈছে অঞ্চলটোৰ ৰাইজক ।

Your Comments