নগাঁৱত ইণ্ডিয়া পোষ্ট পেমেণ্ট বেংকিং সেৱা উদ্বোধন

নগাঁৱত ইণ্ডিয়া পোষ্ট পেমেণ্ট বেংকিং সেৱা উদ্বোধন

আজি নগাঁও প্ৰধান ডাকঘৰত ইণ্ডিয়া পোষ্ট পেমেণ্ট বেংকিং সেৱাৰ শুভাৰম্ভ কৰা হয় । তদুপলক্ষে অনুষ্ঠিত উদ্বোধনী সভাত মুখ্য অতিথিৰূপে অংশগ্ৰহণ কৰি কেন্দ্ৰীয় ৰে'ল ৰাজ্যমন্ত্ৰী ৰাজেন গোহাঁয়ে কয়- এতিয়াৰে পৰা ডাক বিভাগৰ এই বেংকিং সেৱাৰ জৰিয়তে সকলো দৰিদ্ৰ ৰাইজ উপকৃত হ'ব ।

বিশেষকৈ ভিতৰুৱা গাঁৱৰ দৰিদ্ৰ লোকেও এই বেংকিং সেৱাৰ পৰা উপকৃত হ'ব পাৰিব । ইয়াতকৈ আৰু ডাঙৰ সুবিধা একো নাই বুলি উল্লেখ কৰি গোহাঁয়ে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ডিজিটেল ইণ্ডিয়াৰ সপোন বাস্তৱত ৰূপায়িত হৈছে বুলি মন্তব্য কৰে ।

নগাঁও প্ৰধান ডাকঘৰৰ মুখ্য প্ৰবন্ধক কমল মাহাতোৱে উদ্দেশ্য বাখ্যা কৰা সভাখনত আদৰণী ভাষণ প্ৰদান কৰে ডাক বিভাগৰ ডিব্ৰুগড় আঞ্চলিক কাৰ্যালয়ৰ মুখ্য প্ৰবন্ধক চুম কামেই ।

সভাত নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মা উপস্থিত থাকি এই বেংকিং সেৱাই জনসাধাৰণক লাভৱান কৰিব বুলি উল্লেখ কৰে ।

জিলাখনৰ ডাক বিভাগৰ বিভিন্ন অঞ্চলৰ বিষয়া-কৰ্মচাৰী উপস্থিত থকা সভাখনত আজি দিল্লীত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে এই আঁচনিৰ শুভ উদ্বোধন কৰাৰ দৃশ্য প্ৰজেক্টৰৰ জৰিয়তে প্ৰদৰ্শন কৰা হয় ।
 

Your Comments