আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত অসমৰ 'ম'হযুঁজ' : ত্ৰিপুৰা আন্তঃৰাষ্ট্ৰীয় নাট মহোৎসৱত 'যুঁজৰ লাখুঁটি-ৰণৰ লাখুঁটি'

আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত অসমৰ 'ম'হযুঁজ' : ত্ৰিপুৰা আন্তঃৰাষ্ট্ৰীয় নাট মহোৎসৱত 'যুঁজৰ লাখুঁটি-ৰণৰ লাখুঁটি'

অহা ৬ ছেপ্টেম্বৰৰ পৰা ১৩ ছেপ্টেম্বৰলৈ ত্ৰিপুৰাৰ আগৰতলাত অনুষ্ঠিত হ'বলগীয়া `৪ৰ্থ বামপদা মুখপধ্যায় স্মৃতি ত্ৰিপুৰা নাট মহোৎসৱ-২০১৮' লৈ আমন্ত্ৰিত হৈছে মৰিগাঁৱৰ অগ্ৰণী নাট্যগোষ্ঠী 'উইংছ' ।

উল্লেখ্য যে ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যৰ লগতে চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশৰ একাধিক নাট্যদলে অংশগ্ৰহণ কৰিবলগীয়া উক্ত নাট মহোৎসৱটি এইবেলি উৎসৰ্গিত কৰিছে পদ্মভূষণ এইচ কানহাইলালৰ পৱিত্ৰ স্মৃতিত ।

আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত অসমৰ 'ম'হযুঁজ' : ত্ৰিপুৰা আন্তঃৰাষ্ট্ৰীয় নাট মহোৎসৱত 'যুঁজৰ লাখুঁটি-ৰণৰ লাখুঁটি'

উক্ত আন্তঃৰাষ্ট্ৰীয় নাট মহোৎসৱটিত অসমক প্ৰতিনিধিত্ব কৰিব উইংছে। উইংছ, মৰিগাঁৱে নিবেদন কৰিব নাটক 'যুঁজৰ লাখুঁটি-ৰণৰ লাখুঁটি' । অসমীয়াৰ বাপতিসাহোন কৃষ্টি 'ম'হযুঁজ' বন্ধ ঘোষণা হোৱাৰ পিছৰ পটভূমিক লৈ নাট্যকাৰ পূৰ্ণকান্ত নাথে ৰচনা কৰা নাটখন পৰিচালনা কৰিছে অসমৰ বিশিষ্ট নাট তথা চলচিত্ৰ পৰিচালক দীপজ্যোতি কাকতিয়ে ।

যশস্বী পৰিচালকগৰাকীৰ ব্যতিক্ৰমী চিন্তা আৰু উচ্চমানৰ পৰিচালনাৰ বাবেই নাটখনে আন্তঃৰাষ্ট্ৰীয় মঞ্চ দখল কৰিবলৈ সক্ষম হৈছে । অহা ১০ ছেপ্টেম্বৰত আগৰতলাৰ ৰবীন্দ্ৰ ভৱনৰ ২নং হলত সন্ধিয়া ৭ বজাত মঞ্চস্থ হ'বলগীয়া 'যুঁজৰ লাখুঁটি-ৰণৰ লাখুঁটি' নাটখনত অভিনয় কৰা শিল্পীসকল ক্ৰমে এডিছন দেউৰী, সঞ্জীৱ ৰাজখোৱা, পূজা ডেকা, যুগ প্ৰতিম শইকীয়া, শিৱ দাস, হীৰকজ্যোতি বৰদলৈ আৰু টুলটুল নাথ ।

Your Comments