বঙাইগাঁৱত ৩৫সংখ্যক অভিৰুচি ক্ৰীড়া দিৱসৰ প্ৰস্তুতি

বঙাইগাঁৱত ৩৫সংখ্যক অভিৰুচি ক্ৰীড়া দিৱসৰ প্ৰস্তুতি

অসমৰ সৰ্বকালৰ শ্ৰেষ্ঠ খেলুৱৈ, বিশিষ্ট ক্ৰীড়াবিদ অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ ৩ ছেপ্টেম্বৰৰ জন্মদিনটো এইবেলিও ৰাজ্যখনৰ শতাধিক ঠাইৰ লগতে বঙাইগাঁৱতো অভিৰুচি ক্ৰীড়া দিৱস হিচাপে উদ্‌যাপনৰ প্ৰস্তুতি চলিছে ৷

অভিৰুচি ক্ৰীড়া দিৱস উদ্‌যাপন সমিতিৰ দ্বাৰা বঙাইগাঁও চহৰৰ গান্ধী ময়দানত উদ্‌যাপন কৰিবলগীয়া ৩৫সংখ্যক অভিৰুচি ক্ৰীড়া দিৱসৰ কাৰ্যসূচী অনুসৰি উক্তদিনা পুৱা ৬.৩০ বজাত গান্ধী ময়দানৰ পৰা বিদ্যালয়-মহাবিদ্যালয়, সংঘ আৰু অনুষ্ঠানসমূহৰ মাজত প্ৰতিযোগিতামূলক সামূহিক দৌৰ, আবেলি ২.৩০ বজাত বিদ্যালয়

ৰু মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ মাজত ক্ৰীড়া কুইজ প্ৰতিযোগিতা, আবেলি ৪ বজাত চাৰিটা শাখাত চিত্ৰাংকন প্ৰতিযোগিতা আৰু সন্ধিয়াৰ ভাগত যোগাসন, কৃতি খেলুৱৈক সম্বৰ্ধনা, দেহশ্ৰী প্ৰতিযোগিতা, স্মৃতিগ্ৰন্থ উন্মোচন আৰু পুৰস্কাৰ বিতৰণ অনুষ্ঠান অনুষ্ঠিত হ'ব ৷

উল্লেখ্য যে সমাজৰ প্ৰতি স্তৰতে যাতে ক্ৰীড়াক অধিক জনপ্ৰিয় কৰি তুলি এক সুস্থ পৰিৱেশ ৰচনা কৰি নৱপ্ৰজন্মক সুনাগৰিক হিচাপে গঢ়ি তুলিব পাৰি তাৰবাবে অভিৰুচিয়ে বিগত ১৯৮৪ চনৰ পৰাই অভিৰুচি ক্ৰীড়া দিৱস উদ্‌যাপন সমিতিৰ উদ্যোগত এই দিৱস উদ্‌যাপনৰ জৰিয়তে প্ৰচেষ্টা গ্ৰহণ কৰি আহিছে ৷

Your Comments