ছিপাঝাৰৰ গনেশ কুঁৱৰীত যুৱকৰ সলিল সমাধি

ছিপাঝাৰৰ গনেশ কুঁৱৰীত যুৱকৰ সলিল সমাধি

দৰঙৰ ছিপাঝাৰৰ গনেশ কুঁৱৰীত পানীত পৰি জাহান কৰ্মকাৰ (৩৬ ) নামৰ যুৱক এজনৰ সলিল সমাধি ঘটে ।

প্ৰাপ্ত তথ্যমতে, ছিপাঝাৰ থানাৰ অন্তৰ্গত বাঁহগড়া গনেশ কুঁৱৰী মাইলাতা বিলত যুৱকজন শুকুৰবাৰে দুপৰীয়াভাগত দুভাৰ্গ্যবশতঃ পৰি যায় । যাৰবাবে দুপৰীয়া প্ৰায় ১.৩০মান বজাত সলিল সমাধি ঘটে যুৱকজনৰ ।

এম টি বি ইটাভাতাত শ্ৰমিক হিচাপে কৰ্মৰত আছিল যুৱকজন । ৰাইজৰ তৎপৰতাত আৰু এছ ডি আৰ এফ বাহিনীৰ সহযোগত মৃতদেহটো উদ্ধাৰ কৰা হয় মাইলাতা বিলৰ পৰা ।

পিছত ছিপাঝাৰ থানাৰ আৰক্ষীয়ে মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে মঙলদৈ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে ।

Your Comments