মাজুলীত মাধৱদেৱৰ তিৰোভাৱ তিথিত মিচিং ভাষাত পৰিবেশন কৰিলে বৰগীত

মাজুলীত মাধৱদেৱৰ তিৰোভাৱ তিথিত মিচিং ভাষাত পৰিবেশন কৰিলে বৰগীত

পবিত্ৰ ভাদ মাহটোত সত্ৰ নামঘৰবোৰত শংখ ধ্বনিৰে মুখৰিত হোৱাৰ সময়তে মিচিং জনগোষ্ঠীৰ ধৰ্মীয় অনুষ্ঠান শ্ৰীমন্ত শঙ্কৰদেৱ সৰ্বোদয় সংঘ, নামনি বৰপমুৱা প্ৰাথমিক শাখাই আজি মহাপুৰুষ মাধৱদেৱৰ ৪২২সংখ্যক তিৰোভাৱ তিথি বিভিন্ন কাৰ্যসূচীৰে অনুষ্ঠিত কৰে ৷

মাজুলীত মাধৱদেৱৰ তিৰোভাৱ তিথিত মিচিং ভাষাত পৰিবেশন কৰিলে বৰগীত

কাৰ্যসূচীৰ উল্লেখযোগ্য দিশ হ'ল মিচিং ভাষাত বৰগীত পৰিৱেশন ৷ শ্ৰীমন্ত ফাউণ্ডেচন জেংৰাই শাখাৰ সহযোগত নামনি বৰপমুৱা নামঘৰত ৰূপায়ণ হোৱা মহাপুৰুষ মাধৱদেৱৰ তিৰোভাৱ তিথি উপলক্ষে পুৱাৰে পৰা গাঁৱৰ পুৰুষ-মহিলা, আবাল-বৃদ্ধ-বণিতা সকলোৱে একাকাৰ হৈ নাম-প্ৰসংগ, গুৰু বন্দনা, দিহানাম পৰিবেশন কৰে ।

গতে সত্ৰীয়া নৃত্য ক্ৰমে মাটি আখৰা, ঝুমুৰা, কৃষ্ণ নৃত্য প্ৰদৰ্শন কৰে শিশু শিল্পীসকলে । মহাপুৰুষজনাৰ মহান সৃষ্টি বৰগীতক মিচিং ভাষালৈ অনুবাদ কৰা সঞ্জীৱ পেগুৱে মিচিং ভাষাত বৰগীত পৰিবেশন কৰি সকলো দৰ্শকৰ মন জয় কৰে ।

মাজুলীত মাধৱদেৱৰ তিৰোভাৱ তিথিত মিচিং ভাষাত পৰিবেশন কৰিলে বৰগীত

১৯৭৫ চনতে প্ৰতিষ্ঠা কৰা নামনি বৰপমুৱা নামঘৰত ৰূপায়ণ হোৱা মহাপুৰুষগৰাকীক বন্দনাৰ বাবে সমগ্র গাঁৱৰ লোকে ওলাই আহি নাগাৰা, ঢোল, 
টোকাৰী, তাল, টানপুৰা আদিৰে সমগ্ৰ পৰিৱেশ এক আধাত্মিক মিলনথলীলৈ পৰিণত কৰি সমাজৰ সকলো স্তৰৰ ভেদাভেদ পৰি হৰি ঈশ্বৰ বন্দনাত নিমগ্ন হৈ পৰে । 

Your Comments