নাৰায়ণপুৰত মাধৱদেৱৰ তিথি উদ্‌যাপন

নাৰায়ণপুৰত মাধৱদেৱৰ তিথি উদ্‌যাপন

বাৰ বৈষ্ণৱৰ জন্মভূমি লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ মাধৱদেৱ মহাবিদ্যালয়ত দিনজোৰা কাৰ্যসূচীৰে মহাপুৰুষ মাধৱদেৱৰ ৮৮৮সংখ্যক তিথি উদ্‌যাপন কৰা হয় ৷ পুৱা ৬ বজাত পৰিবেশ নিকাকৰণ কৰাৰ পিছতেই বৃক্ষৰোপণ কৰে মাধৱদেৱ মহাবিদ্যালয়ৰ অধ্যাপক ৰমেশ হাজৰিকাই ৷

পুৱা ৯ বজাত পতাকা উত্তোলন কৰে নাৰায়ণপুৰ আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি জ্যোতিৰ্ময় হাজৰিকাই ৷ ইয়াৰ পিছতেই অসম আন্দোলনৰ ছহিদসকলক সুঁৱৰি ছহিদ তৰ্পণ কৰে নাৰায়ণপুৰ আঞ্চলিক ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক ক্ষীৰোদ দুৱৰাই ৷

নাৰায়ণপুৰত মাধৱদেৱৰ তিথি উদ্‌যাপন

কাৰ্যসূচী অনুসৰি ১০.৩০ বজাত বিশিষ্ট সমাজ সেৱক জীৱন ভূঞাই বন্তি প্ৰজ্জ্বালন কৰাৰ পিছতেই আঁহতগুৰি সত্রৰ কণ কণ শিশু শিল্পীৰ দ্বাৰা গায়ন-বায়নেৰে মঞ্চ উদ্বোধন কৰি শিয়ালমৰা সত্রৰ শিশু শিল্পীৰ দ্বাৰা 'অৰ্জুন ভঞ্জন' ঝুমুৰ নাট প্ৰদৰ্শন কৰা হয় ৷

দিনৰ ২ বজাত মাধৱদেৱ মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ শৰৎ হাজৰিকাই প্ৰতিযোগিতাৰ মঞ্চ উদ্বোধন কৰাৰ পিছতেই লখিমপুৰ জিলা ছাত্র সন্থাৰ সম্পাদক ধনমণি দত্তই ভাষণ আগবঢ়াই কয়- নাৰায়ণপুৰত মহাপুৰুষ মাধৱদেৱৰ নামত স্থাপন হোৱা মাধৱদেৱ কলাক্ষেত্ৰ আজি দহ বছৰে নিৰ্মাণ সম্পূৰ্ণ নোহোৱাই প্ৰমাণ কৰিছে কংগ্ৰেছ আৰু বিজেপি চৰকাৰে মহাপুৰুষজনাক কৰা আপমান ৷

নাৰায়ণপুৰত মাধৱদেৱৰ তিথি উদ্‌যাপন

লগতে শ্ৰীঘ্ৰে মাধৱদেৱ কলাক্ষেত্রৰ কাম সম্পূৰ্ণ কৰাৰো আহব্বান জনায় বিজেপি চৰকাৰক ৷ মাধৱদেৱৰ তিথি উপলক্ষে মাধৱদেৱ মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত বৰগীত প্ৰতিযোগিতাৰ উচ্চ শাখাৰ বিজয়ী প্ৰতিযোগীসকল হ'ল পৰিস্মৃতা দেউৰী প্ৰথম স্থান, বিতোপন শইকীয়া দ্বিতীয় স্থান, তৃতীয় স্থান দখল কৰে ভাৰ্গৱী গোস্বামীয়ে আৰু নিম্ন শাখাৰ ৰাজ নন্দিনী বৰাই প্ৰথম স্থান আৰু উদগনিমূলক বঁটা লাভ কৰে শতাব্দী শিখা বৰাই ৷

আনহাতে, দিহানাম প্ৰতিযোগিতাত প্ৰথম স্থান দখল কৰে বিহপুৰীয়াৰ প্ৰাৰ্থনা দত্তৰ দল আৰু দ্বিতীয় স্থান দখল কৰে চাউলধোৱা বগীনদী দলে ৷ উত্তৰ লখিমপুৰ মহকুমা ছাত্র সন্থাৰ সাধাৰণ সম্পাদক মাধুৰ্য হাজৰিকাই আঁতধৰা প্ৰতিযোগিতাখনিত উত্তৰ লখিমপুৰৰ মহকুমা ছাত্র সন্থাৰ উপ-সভাপতি জয়ন্ত বৰা, সীমন্ত নেওগ আৰু মহাবিদ্যালয়খনৰ অধ্যাপকসকলৰ লগতে লখিমপুৰ জিলা ছাত্র সন্থাৰ বিভিন্ন আঞ্চলিকৰ সভাপতি আৰু সম্পাদকৰ লগতে নাৰায়ণপুৰ আঞ্চলিক ছাত্র সন্থাৰ বিষয়ববীয়াসকল উপস্থিত থাকে ৷

Your Comments