বাক্সাৰ নিকাছিত অসম নেপালী নাট্য সন্মিলনৰ ত্ৰি-বাৰ্ষিক অধিৱেশন সম্পন্ন

বাক্সাৰ নিকাছিত অসম নেপালী নাট্য সন্মিলনৰ ত্ৰি-বাৰ্ষিক অধিৱেশন সম্পন্ন

বাক্সা জিলাৰ মুছলপুৰ মহকুমাৰ অন্তৰ্গত নিকাছিৰ ইন্দ্ৰলাল পাঠক ছোৱালী স্কুলত আজি এদিনীয়া কাৰ্যসtচীৰে অসম নেপালী নাট্য সন্মিলনৰ ত্ৰিবাৰ্ষিক অধিৱেশন অনুষ্ঠিত হয় ।

কাৰ্যসূচী অনুযায়ী পুৱা ৮ বজাত পতাকা উত্তোলন কৰে অসম নেপালী নাট্য সন্মিলনৰ সভাপতি জ্ঞান বাহাদুৰ চেত্ৰীয়ে । ইয়াৰ পিছতে ছহিদ তৰ্পণ অনুষ্ঠিত হয় ।
 গোৰ্খাসকলৰ সমবেত সংগীতেৰে মুকলি সভা আৰম্ভ হয় ।

বাক্সাৰ নিকাছিত অসম নেপালী নাট্য সন্মিলনৰ ত্ৰি-বাৰ্ষিক অধিৱেশন সম্পন্ন

''মানুহৰ জীৱন পৰিক্ৰমা এখনি নাটক, সকলোৱে একোটা ভাও লৈ জীয়াই থাকে আৰু মৃত্যুৰ লগে লগে এই নাটকৰ সামৰণি পৰে ।'' -মুকলি সভাত এই মন্তব্য অসম গোৰ্খা সন্মিলনৰ কাৰ্যকৰী সভাপতি কৃষ্ণ ভূজেলৰ ৷

তেওঁ লগতে কয় যে নাটকৰ মাধ্যমেৰে সমাজ সংস্কাৰ কৰিব পাৰি । সাহিত্য হৈছে শিক্ষিত লোকে পঢ়িব পৰা, কিন্তু নাটক এনে এক মাধ্যম যাক উপভোগ কৰি সকলো কথা বুজিব পাৰে ।

 উক্ত সভাত অসম গোৰ্খা সন্মিলনৰ কাৰ্যকৰী সভাপতি কৃষ্ণ ভুজেল, গোৰ্খা লোককলা সংৰক্ষণ মঞ্চৰ সভাপতি পৃথ্বিবিলাস ভট্টৰাই, নিকাছি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক বদ্ৰী গুৰাগাই, বিটিএডিৰ কেন্দ্ৰীয় নিৰ্বাচন বোৰ্ডৰ সদস্য জয়লাল পোখৰেলৰ লগতে পদাধিকাৰী ব্যক্তি কালিপ্ৰসাদ শৰ্মা, পিতাম্বৰ পাঠক, শিৱ ৰাই, ভাৰতী ভণ্ডাৰী, গীতা দাহাল, এৱ নাৰায়ণ পাঠকৰ লগতে বহুতো ৰাইজসকল উপস্থিত থাকে ।

Your Comments