ডিব্ৰুগড়ত বৃহৎ নদীবান্ধ বন্ধৰ দাবীত কৃষক মুক্তিৰ প্ৰতিবাদ 

ডিব্ৰুগড়ত বৃহৎ নদীবান্ধ বন্ধৰ দাবীত কৃষক মুক্তিৰ প্ৰতিবাদ 

বৃহৎ নদীবান্ধ বন্ধৰ দাবীত আজি ৰাজ্যজুৰি কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে ৰূপায়ণ কৰে প্ৰতিবাদী কাৰ্যসূচী ।

কৃষক মুক্তি সংগ্ৰাম সমিতিৰ ডিব্ৰুগড় জিলা সমিতিয়ে আজি ডিব্ৰুগড়তো অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰি বৃহৎ নদীবান্ধ বন্ধৰ দাবী উত্থাপন কৰাৰ লগতে অসমৰ বানপানী আৰু গৰাখহনীয়াক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰাৰো দাবী তোলে ।

ডিব্ৰুগড়ৰ চৌকিডিঙ্গি চাৰিআলিত ৰূপায়ণ কৰা এই প্ৰতিবাদী কাৰ্যসূচীত কৃষক সংগঠনটোৰ প্ৰায় শতাধিক কৰ্মীয়ে অংশগ্ৰহণ কৰি প্ৰতিবাদ সাব্যস্ত কৰে ।

Your Comments