তামুলপুৰ মহাবিদ্যালয়ৰ নৱাগত আদৰণী সভাত বিশ্বজিৎ দৈমাৰী

তামুলপুৰ মহাবিদ্যালয়ৰ নৱাগত আদৰণী সভাত বিশ্বজিৎ দৈমাৰী    'স্কুলীয়া কিম্বা কলেজীয়া সময়খিনিয়েই ছাত্র-ছাত্ৰীসকলৰ জীৱন গঢ়াৰ উপযুক্ত সময় । এই সময়খিনি ছাত্র-ছাত্ৰীসকলে অবাবত খৰচ নকৰি অধ্যয়নত মনোনিবেশ কৰিব লাগিব ।' -এই ভাষ্য ৰাজ্যসভাৰ সাংসদ বিশ্বজিৎ দৈমাৰীৰ । তামুলপুৰ মহাবিদ্যালয়ৰ বৃহস্পতিবাৰে অনুষ্ঠিত নৱাগত আদৰণী সভাত উপস্থিত থাকি দৈমাৰীয়ে এই মন্তব্য আগবঢ়ায় । ভাষণ প্ৰসঙ্গত তেওঁ নৱাগত আদৰণী সভাৰ দিনটো প্ৰতিগৰাকী ছাত্র-ছাত্ৰীৰ ঐতিহাসিক দিন বুলি অভিহিত কৰি কয় যে নতুনকৈ নামভৰ্তি কৰা ছাত্র-ছাত্ৰীসকলে অগ্ৰজসকলৰ পৰা শি

'স্কুলীয়া কিম্বা কলেজীয়া সময়খিনিয়েই ছাত্র-ছাত্ৰীসকলৰ জীৱন গঢ়াৰ উপযুক্ত সময় । এই সময়খিনি ছাত্র-ছাত্ৰীসকলে অবাবত খৰচ নকৰি অধ্যয়নত মনোনিবেশ কৰিব লাগিব ।' -এই ভাষ্য ৰাজ্যসভাৰ সাংসদ বিশ্বজিৎ দৈমাৰীৰ ।

তামুলপুৰ মহাবিদ্যালয়ৰ বৃহস্পতিবাৰে অনুষ্ঠিত নৱাগত আদৰণী সভাত উপস্থিত থাকি দৈমাৰীয়ে এই মন্তব্য আগবঢ়ায় । ভাষণ প্ৰসঙ্গত তেওঁ নৱাগত আদৰণী সভাৰ দিনটো প্ৰতিগৰাকী ছাত্র-ছাত্ৰীৰ ঐতিহাসিক দিন বুলি অভিহিত কৰি কয় যে নতুনকৈ নামভৰ্তি কৰা ছাত্র-ছাত্ৰীসকলে অগ্ৰজসকলৰ পৰা শিকিব লাগিব ।

অতীতত ঘটা ভাল-বেয়া ঘটনাৰ সঠিক মূল্যায়ন কৰি এনে ঘটনাৰ পৰা শিক্ষা লৈ ছাত্ৰ-ছাত্ৰীসকলে আগবাঢ়ি যাব লাগিব । অনুজ-অগ্ৰজসকলে ভাতৃত্ববোধেৰে থাকিলেহে এখন শিক্ষানুষ্ঠানৰ সুস্থ শৈক্ষিক বাতাৱৰণ অটুট থাকিব ।

bishajit doimari

তামুলপুৰ মহাবিদ্যালয় ছাত্র একতাৰ সভাপতি তথা প্ৰবক্তা টিকেন্দ্ৰজিৎ চেত্ৰীৰ সভাপতিত্বত অনুষ্ঠিত সভাখন আনুষ্ঠানিকভাৱে উদ্বোধন কৰে মহাবিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি তথা বিশিষ্ট সাংস্কৃতিক কৰ্মী লেহোৰাম বড়োয়ে ।

সভাত আদৰণী ভাষণ আগবঢ়ায় মহাবিদ্যালয়খনৰ অধ্যক্ষ ডঃ যোগেন বড়োৱে । আদৰণী ভাষণত বড়োৱে কয় যে ছাত্র-ছাত্ৰীসকলৰ উচ্চ শিক্ষা লাভৰ আশা-আকাংক্ষাক বাস্তৱায়িত কৰাৰ ক্ষেত্ৰত মহাবিদ্যালয় কৰ্তৃপক্ষ বদ্ধপৰিকৰ ।

ছাত্র-ছাত্ৰীসকলে অধ্যয়নত গুৰুত্ব দি ভৱিষ্যতে নিজকে দেশৰ একো একোজন সৎ নাগৰিক হিচাপে প্ৰতিষ্ঠা কৰিবলৈ অধ্যক্ষগৰাকীয়ে ন-পুৰণি আটাইবোৰ ছাত্র-ছাত্ৰীক আহ্বান জনায় ।

তামুলপুৰ মহাবিদ্যালয় ছাত্র একতা সভাৰ সাধাৰণ সম্পাদক গণক বড়োৱে আঁতধৰা সভাত সদৌ অসম ছাত্ৰ সন্থাৰ ক্ৰীড়া সম্পাদক পূৰ্ণ ডেকা, বাক্সা জিলাৰ স্কুল পৰিদৰ্শক ৰমেশ চন্দ্ৰ চুতীয়া, যুৱ বিপিএফৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক সোমনাথ বসুমতাৰী, এৱছু নেতা বানেশ্বৰ বড়ো, আছু নেতা দমন পাটোৱাৰী আদিকে ধৰি কেইবাজনো বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে ।

ইফালে ছাত্ৰ-ছাত্ৰীসকলে পৰিবেশন কৰা বিভিন্ন গীত-নৃত্যই উপস্থিত সকলোকে আপ্লুত কৰে ।

Your Comments