কোৰোনাত আক্ৰান্ত হ'ল ক্ৰিকেটাৰ ছাহিদ আফ্ৰিদি

Afridi

নিউজ ডেস্ক-
 বিশ্বজুৰি ক'ৰোনাই  ত্ৰাসৰ সৃষ্টি কৰিছে। আমেৰিকা, ইটালী,ভাৰত,পাকিস্তানকে আদি কৰি বিশ্বৰ প্ৰায়বোৰ দেশেই ক'ৰোনাত সংক্ৰমিত হৈছে।শেহতীয়াকৈ পাকিস্তানৰ প্ৰাক্তন ক্ৰিকেটাৰ ছাহিদ আফ্ৰিদি আক্ৰান্ত হৈছে ক'ৰোনাত।এই কথা নিজে ৰাজহুৱা কৰিছে ক্ৰিকেটাৰগৰাকীয়ে।
টুইটাৰ যোগে সদৰি কৰিছে তেওঁ আক্ৰান্ত হোৱাৰ কথা।
সোনকালে সুস্থ হৈ উঠাৰ বাবে সকলোকে প্ৰাৰ্থনা কৰিবলৈও আহ্বান জনাইছে ক্ৰিকেটাৰগৰাকীয়ে।
উল্লেখ্য যে, পাকিস্তানত ক্ৰমান্বয়ে বৃদ্ধি পাইছে আক্ৰান্তৰ সংখ্যা।জানিব পৰা ম'তে দেশখনত ১লাখ ৩৫হাজাৰৰো অধিক  লোক আক্ৰান্ত হৈছে ক'ৰোনাত।

Your Comments