ছহিদ অমিয় নাথৰ মাতৃৰ বিয়োগ

ছহিদ অমিয় নাথৰ মাতৃৰ বিয়োগ


অসম আন্দোলনৰ ছহিদ সৰভোগৰ অমিয় নাথৰ মাতৃ কুঞ্জলতা দেৱীৰ আজি ৮১ বয়সত মৃত্যু হয় ৷ জীৱনৰ অধিক সময় সৰভোগত অতিবাহিত কৰা কুঞ্জলতা দেৱীয়ে যোৱা কিছুবছৰ ধৰি বৰপেটাৰোডৰ মিলন নগৰৰ বাসিন্দা, বন বিষয়া পুত্ৰ জয়ন্ত নাথৰ সৈতে বসবাস কৰিছিল ৷

আজি দিনৰ ১২মান বজাত পুত্ৰৰ বাসভৱনতেই তেওঁৰ মৃত্যু হয় ৷ মৃত্যুৰ সময়ত তেখেতে 
পুত্ৰ-বোৱাৰী, তিনিজনী কন্যা, নাতিৰ লগতে বহুতো গুণমুগ্ধক ইহসংসাৰত এৰি থৈ যায় ।

Your Comments