বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ বিৰুদ্ধে আন্দোলনৰ হুংকাৰ বাক্সা আছুৰ

বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ বিৰুদ্ধে আন্দোলনৰ হুংকাৰ বাক্সা আছুৰ

বাক্সা জিলা ছাত্ৰ সন্থাৰ সভাপতি গোবিন্দ শৰণীয়া আৰু সাধাৰণ সম্পাদক অমৰেন্দ্ৰ পাঠকে এক প্ৰেছ বিজ্ঞপ্তিযোগে জনাইছে যে  বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ অধীনৰ মহাবিদ্যালয়সমুহত পাঠ্যক্ৰম তথা পাঠ্যপুথি যোগান ধৰাত ব্যৰ্থ হোৱা বিষয়টো ছাত্ৰ সন্থাৰ দৃষ্টিগোচৰ হৈছে ।

বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ বিৰুদ্ধে আন্দোলনৰ হুংকাৰ বাক্সা আছুৰ

অহা ১৫ ছেপ্টম্বৰৰ পূৰ্বে যদি বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ অধীনৰ মহাবিদ্যালয়সমূহত পাঠ্যপুথি যোগান ধৰিবলৈ সক্ষম নহয় তেনেহ'লে বাক্সা জিলা ছাত্ৰ সন্থাই তীব্ৰ আন্দোলন গঢ়ি তুলিব বুলি ছাত্ৰ সন্থাই সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে ।

বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ অধীনৰ মহাবিদ্যালয়সমূহৰ ছাত্ৰ-ছাত্ৰীসকলৰ বৃহত্তৰ স্বাৰ্থৰ প্ৰতি লক্ষ্য ৰাখি বিশ্ববিদ্যালয় কৰ্তৃপক্ষই শীঘ্ৰে বিহিত ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে ছাত্ৰ সংগঠনটোৱে অনুৰোধ জনাইছে । অন্যথা ধাৰাবাহিকভাৱে গণতান্ত্ৰিক আন্দোলন চলাই নিয়া হ'ব বুলি প্ৰেছ বিবৃতিটোত উল্লেখ কৰে ।

Your Comments