পশ্চিম মঙলদৈত বাজপেয়ীৰ শ্ৰদ্ধাঞ্জলী অনুষ্ঠান

পশ্চিম মঙলদৈত বাজপেয়ীৰ শ্ৰদ্ধাঞ্জলী অনুষ্ঠান

পশ্চিম মঙলদৈ মণ্ডল বিজেপিৰ উদ্যোগত আৰু ডাঁহীবাসীৰ সহযোগত বুধবাৰে বিয়লি ৪ বজাৰ পৰা  জনাৰামচৌকাত প্ৰাক্তন প্ৰধান মন্ত্ৰী ভাৰতৰত্ন অটল বিহাৰী বাজপেয়ীৰ শ্ৰদ্ধাঞ্জলী অনুষ্ঠানৰ আয়োজন কৰা হয় ।

এই শ্ৰদ্ধাঞ্জলী অনুষ্ঠানত উপষ্ঠিত থাকে মঙলদৈ বিধানসভা সমষ্টিৰ বিধায়ক গুৰুজ্যোতি দাস, দৰং জিলা বিজেপিৰ সভানেত্ৰী নীলিমা দেৱী, ৰাজ্যিক বিজেপিৰ কাৰ্যনিৰ্বাহক প্ৰণৱ বৰুৱা, পশ্চিম মঙলদৈ মণ্ডল সমিতিৰ সম্পাদক ৰূপেন ডেকা, পশ্চিম মঙলদৈ যুৱ মৰ্চাৰ বিষয়ববীয়া তথা সদস্যসকলৰ লগতে স্বানীয় নাগৰিকসকল ।

পশ্চিম মঙলদৈত বাজপেয়ীৰ শ্ৰদ্ধাঞ্জলী অনুষ্ঠান

এই সভাত বিশিষ্ট ব্যক্তিসকলে বাজপেয়ীৰ জীৱন দৰ্শনৰ ওপৰত বক্তৃতা ৰখাৰ উপৰি তেওঁৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰি শ্ৰদ্ধাঞ্জলি জনায় ।

Your Comments