৩১ আগষ্টত নাগ্ৰীজুলিত এন আৰ চি সন্দৰ্ভত বৃহৎ গণ সমাবেশ

৩১ আগষ্টত নাগ্ৰীজুলিত এন আৰ চি সন্দৰ্ভত বৃহৎ গণ সমাবেশ

বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ অন্তৰ্গত নাগ্ৰীজুলিস্থিত নাগ্ৰীজুলি কনিষ্ঠ মহাবিদ্যালয় চৌহদত অহা ৩১ আগষ্টত বাক্সা জিলা গোর্খা ছাত্ৰ সন্থাৰ উদ্যোগত আৰু নাগ্ৰীজুলি আঞ্চলিক গোর্খা ছাত্ৰ সন্থাৰ সহযোগত এক বিশাল গণ সমাবেশৰ আয়োজন কৰা হৈছে ।

ভাৰতৰ স্বাধীনতা আন্দোলনত অংশগ্ৰহণ কৰা অসমৰ গোর্খা লোকসকল অসমৰ এন আৰ চি উন্নীতকৰণৰ ক্ষেত্ৰত যি সমস্যাৰ সম্মুখীন হৈছে, সেই সমস্যাৰ বিষয়ে আলোচনা কৰা আৰু তাৰ এক ফলপ্ৰসূ সমাধান সূত্ৰ উলিওৱাৰ বাবেই এই গণ সমাবেশৰ আয়োজন কৰা হৈছে বুলি বাক্সা জিলা গোর্খা ছাত্ৰ সন্থাৰ সভাপতি ৰাজু বজগাই আৰু সম্পাদক মাধৱ চেত্ৰীয়ে জানিবলৈ দিছে ।

৩১ আগষ্ট শুকুৰবাৰে পুৱা ৯ বজাত অনুষ্ঠিতব্য আৰু সদৌ অসম গোর্খা ছাত্ৰ সন্থাৰ সভাপতি প্ৰেম তামাঙে মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিবলগীয়া এই গণ সমাবেশত বাক্সা জিলাৰ গোর্খা সম্প্ৰদায়ৰ লোকসকলক উপস্থিত থাকিবলৈ উদ্যোক্তাসকলে অনুৰোধ জনাইছে ।

Your Comments