শক্তি মন্ত্ৰীৰ গৃহ সমষ্টিত বিদ্যুৎস্পৃষ্ট হৈ এজনৰ মৃত্যু 

শক্তি মন্ত্ৰীৰ গৃহ সমষ্টিত বিদ্যুৎস্পৃষ্ট হৈ এজনৰ মৃত্যু 


 চৰাইদেউ জিলাত শনিয়ে লগ নেৰা হৈছে ৰাজ্যৰ শক্তি বিভাগক । এইবাৰ শক্তি মন্ত্ৰী তপন কুমাৰ গগৈৰ গৃহ সমষ্টিত ছিঙা বিদ্যুৎ তাঁৰে প্ৰাণ ল'লে ৬০ বছৰীয়া এজন লোকৰ ।

সোণাৰিৰ খামলুঙৰ কৈলাসবস্তিৰ সত‍্যেন বাউৰীৰ ছিঙা বিদ্যুৎ পৰিবাহী তাঁৰত লাগি কৰুণভাৱে মৃত্যু হয় । পথাৰত জেওৰা দি থকা অৱস্থাত বিদ‍্যুৎ পৰিবাহী ছিঙা তাঁৰত লাগি মৃত্যুক সাৱটি ল'বলগা হয় ব্যক্তিগৰাকীয়ে ।

উক্ত ঘটনাত সমগ্ৰ অঞ্চলটোত তীব্ৰ চাঞ্চল‍্যৰ সৃষ্টি হৈছে । বৰ্তমানলৈকে চৰাইদেউ জিলাত বৈদ্যুতিক পৰিবাহী তাঁৰত লাগি তিনিজনকৈ মৃত্যুক সাৱটি ল'বলগা হৈছে ।

বাতৰি সংগ্ৰহ কৰালৈকে ঘটনাস্থলীত কোনো বিষয়া-কৰ্মচাৰী উপস্থিত হোৱা নাই ।

Your Comments