বংশৰত ১০০ টা পৰিয়ালক অত্যাৱশ্যকীয় খাদ্য সামগ্ৰী প্ৰদান পূব বংশৰ আঞ্চলিক ছাত্ৰ সন্থাৰ 

Pic

মৃণাল ডেকা,শুৱালকুছি: 

'লকডাউন'ৰ এই সময়ছোৱাত পূব বংশৰ অঞ্চলৰ শ্ৰমজীৱীলোকসকল যাতে খাদ্য-সামগ্ৰীৰ নাটনিত  ভুগিবলগীয়া নহয়,সেই বিষয়টোলৈ লক্ষ্য ৰাখি এচাম ব্যক্তি আৰু দল-সংগঠনে খাদ্য সামগ্ৰী বিতৰণ অব্যাহত ৰাখিছে।ইয়াৰ অংশ হিচাপে বৃহস্পতিবাৰে ২ নং পূব বংশৰ আঞ্চলিক ছাত্ৰ সন্থাই সদৌ কামৰূপ জিলা ছাত্ৰ সন্থাৰ সভাপতি দিবাকৰ কলিতাৰ নেতৃত্বত সদৌ কামৰূপ জিলা ছাত্ৰ সন্থাৰ প্ৰচাৰ সম্পাদক ৰিংকু নাথ,আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি মনোৰঞ্জন দাস,উপদষ্টা তপন বৈশ্য,সহকাৰী সাধাৰণ সম্পাদক ৰাতুল দাসৰ  নেতৃত্বত বৃহত্তৰ বংশৰ অঞ্চলত একৈশ দিনীয়া লকডাউনৰ সময়ত গৃহবন্দী হৈ থকা ঠেলা - ৰিক্সা চলাই অথবা দিন হাজিৰাৰে দিন অতিবাহিত কৰা অঞ্চলটোৰ  ১০০ টা পৰিয়ালক চাউল,দাইল,মিঠাতেল,আলু আদি ঘৰে ঘৰে গৈ যোগান ধৰা হয়।আনহাতে, ৰাৱনবৈ নিবাসী জনসংযোগ বিভাগৰ কৰ্মচাৰী ৰাতুল কলিতাই অঞ্চলটোৰ ১৪ টা শ্ৰমজীৱী পৰায়ালক খাদ্য সামগ্ৰী যোগান ধৰে।

Your Comments