হাজো আৰক্ষীৰ প্ৰশংসনীয় পদক্ষেপঃবিশেষভাৱে সক্ষম লোকক সাহায্য প্ৰদান  

Pic

হাজোৰ পৰা কমলাকান্ত দাস:

দেশত অব্যাহত থকা লকডাউনৰ সময়ছোৱাত হাজো আৰক্ষীয়ে এটা ব্যতিক্ৰমী পদক্ষেপ হাতত লয়।হাজো থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ভাস্কৰ বৰ্মণে জনোৱা মতে,হাজো ৰাজহ চক্ৰৰ অন্তৰ্গত পতনি,পানীপাৰা,মাজৰচুপা, মুছলিমপট্টি, কৈৱৰ্তটোলা,ফকিৰটোলা, গণেশটোলা, বৰুৱাবাৰী, ৰাজাবজাৰ, বামুনবড়ী, দলৈটোলা, বৰ্ণি, সাতদলা, বাগটা, ওৰগাল, তলিয়া, কুলহাটী, মনাহকুছি, বৰগাঁও,অভয়পুৰ আদি অঞ্চলত থকা ৭৫ টি পৰিয়ালত থকা বিশেষভাবে সক্ষম লোকসকলক বৃহস্পতিবাৰে কিছু অত্যাৱশ্যকীয় খাদ্য সামগ্ৰী যোগান ধৰে।তেওঁলোকে প্ৰতিগৰাকী বিশেষভাৱে সক্ষম লোকক চাউল,দাইল,আলু,পিয়াজ,বিস্কুট,চাবোন,মিঠাতেল,নিমখকে ধৰি পাঁচ দিনৰ খাদ্য যোগান ধৰে। হাজোৰ আৰক্ষীৰ হৈ খাদ্য সামগ্ৰীসমূহ বিতৰণ কৰে অ'চি ভাস্কৰ বৰ্মণ,এ এছ আই এ. ব্ৰহ্ম, ৰবীন গোহাই,হৰেন্দ্ৰ কলিতা,পূৰৱী নৰহ,সহকাৰী উপ পৰিদৰ্শক হৰেণ দাস আৰু কামাখ্যা অধিকৰীয়ে।তদুপৰি,বামুন্দীৰ দুই উদীয়মান যুৱক তথা বামুন্দী জি এল সোঁঁৱৰণী হাইস্কুলৰ নিম্ন বৰ্গৰ সহায়ক নৱজ্যোতি কলিতা আৰু কামৰূপৰ কোষাগাৰ কৰ্মচাৰী সিদ্ধাৰ্থ দাসে হীৰাপাৰা,বামুন্দী,ওজাপাৰা আৰু সোৱানচাহ অঞ্চলৰ দুশ গৰীৱ পৰিয়ালৰ মাজত কিছু খাদ্য সামগ্ৰী বিতৰণ কৰে।আনহাতে,হাজোৰ বিশিষ্ট উদ্যোগপতি তথা সমাজকৰ্মী বনমালী দাস,ব্যৱসায়ী গনেশ দাস,পিংকু চহৰীয়াই হাজোৰ বিভিন্ন ঠাইৰ পিছপৰা অঞ্চলৰ ঘৰে ঘৰে গৈ খাদ্য সামগ্ৰী বিতৰণ কৰি গৰীৱ পৰিয়ালৰ লোকসকলক কিছু পৰিমাণে সকাহ দিয়ে।দেশত লকডাউন চলি থকাৰ সময়ত এনেদৰে গৰীৱ লোকসকলক কিছু পৰিমাণে হ'লেও সকাহ দিয়াত হাজোৰ সচেতন মহলে কৃতজ্ঞতা জনাইছে।

Your Comments