ক'ৰ'না সংক্ৰমণ ৰোধৰ বাবে বোকাজানৰ বিধায়ক ডা:নোমল মমিনৰ ঘৰে-ঘৰে চাউল-ৰন্ধন গেছৰ যোগানৰ ব্যৱস্থা

Pic

বোকাজান সমষ্টিৰ বিধায়ক ডা: নোমল মমিনে ক'ৰ'না ভাইৰাছৰ সংক্ৰমণ ৰোধ কৰাৰ বাবে নিজৰ সমষ্টিৰ পুলিচ-প্ৰশাসন,চিকিৎসা আৰু যোগান বিভাগৰ বিষয়াসকলৰ সৈতে মিলিত হয় এখন জৰুৰীকালীন বৈঠকত। বৈঠকত বিধায়ক ডাঃ মমিনে সমষ্টিটোৰ পৰিস্থিতিৰ বুজ লোৱাৰ লগতে অত্যাৱশ্যকীয় সামগ্ৰীৰ সকলো ধৰণৰ যোগান অব্যাহত ৰখাৰ বাবে তৎপৰতাৰে কাম কৰিবলৈ আহ্বান জনায়। উল্লেখ যে ক'ৰ'নাৰ পৰা ৰাইজক সুৰক্ষিত কৰি ৰখাৰ লগতে সংক্ৰমণ ৰোধ কৰাত কেনেদৰে যুঁজ দিব লাগিব,সেই সন্দৰ্ভত অনুষ্ঠিত কৰা হয় বৈঠকখন। বৈঠকৰ পিছতে বিধায়কগৰাকীয়ে সমষ্টিৰ প্ৰতিখন চিকিৎসালয় পৰিদৰ্শন কৰে।বুজ লয় চিকিৎসালয়ৰ পৰিস্থিতি। ক'ৰ'না ভাইৰাছৰ পৰা ৰক্ষা পাবলৈ সামাজিক দূৰত্ব বজাই ৰাখিব লাগিব বুলি উল্লেখ কৰে বিধায়ক ডাঃ মমিনে।একেদৰে বাহিৰৰ পৰা অহা প্ৰতিজন ব্যক্তিক নিজৰ ঘৰতে আছুটীয়াকৈ ৰখাৰ ব্যৱস্থা কৰিব লাগিব।কোনোৱে যদি এই কথা অমান্য কৰে,তেন্তে আইনৰ ব্যৱস্থা গ্ৰহণ কৰি হলেও বাধ্য কৰিব লাগিব বুলি তেওঁ কয়। আনহাতে,সমষ্টিবাসী ৰাইজৰ সুৰক্ষাৰ কথা চিন্তা কৰি সুলভ মূল্যৰ চাউলসমূহ ঘৰে-ঘৰে দিয়াৰ ব্যৱস্থা কৰিবলৈ নিৰ্দেশ দিছে। ইফালে,যিসকল ব্যক্তি বাহিৰৰ পৰা আহিছে সেই সকলক ৰখাৰ বাবে বিশেষ কেন্দ্ৰ স্থাপন কৰিবলৈ নির্দেশ প্ৰদান কৰিছে বিধায়কগৰাকীয়ে। ইয়াৰ উপৰিও ৰন্ধন গেছৰ যোগান এই সময়ছোৱাত যাতে সমষ্টিবাসী ৰাইজে ঘৰে-ঘৰে লাভ কৰে,তাৰ ব্যৱস্থা কৰিবলৈ এজেন্সিসমূহক নির্দেশ প্ৰদান কৰিছে বিধায়ক ডাঃ মমিনে।

Your Comments