"ক'ৰ'না অস্পৃশ্য বেমাৰ নহয়,লুকুৱাই নাৰাখিব"-ৰাজ্যিক স্বাস্থ্যমন্ত্ৰী পীযুষ হাজৰিকা

Pic

"মাৰাত্মক ক'ৰনা ভাইৰাছৰ সৈতে যুঁজ দিবলৈ সম্পূৰ্ণ সাজু ৰাজ্যৰ স্বাস্থ্য বিভাগ।ৰাইজে আমাক সহযোগ কৰক"-এই আহ্বান অসম চৰকাৰৰ ৰাজ্যিক স্বাস্থ্য মন্ত্ৰী পীযুষ হাজৰিকাৰ।গুৱাহাটীত মঙলবাৰে এখন সংবাদ মেল সম্বোধন কৰি হাজৰিকাই কয়-"ভগৱানৰ আৰ্শীবাদত বৰ্তমান সময়লৈকে বিশ্বত্ৰাস ক'ৰ'না অসমত এজনো ব্যক্তিৰ শৰীৰত চিনাক্ত হোৱা নাই।" ৰাজ্যৰ স্বাস্থ্য বিভাগৰ ওচৰত ক'ৰ'না আক্রান্তক স্বাস্থ্য পৰীক্ষা কৰোঁঁতে চিকিৎসকসকলে পৰিধান কৰা পাৰ্চনেল প্ৰটেক্তিভ ইকুইপমেণ্ট চমুকৈ পিপিই মজুত আছে।সেয়া হয়তো সময়ত যথেষ্ট নহ'ব পাৰে।তাৰ প্ৰতি লক্ষ্য ৰাখি গুৱাহাটীৰ প্ৰতীক্ষা হাস্পতালৰ স্বত্বাধিকাৰী প্ৰমোদ শৰ্মাই ৰাজ্যৰ স্বাস্থ্য বিভাগক ১০০টা পিপিই যোগান ধৰিছে।সংবাদ মেলতে স্বত্বাধিকাৰী শৰ্মাৰ পৰা মন্ত্ৰী হাজৰিকাই উক্ত পিপিই গ্ৰহণ কৰে। লকডাউনৰ দিনকেইটাত ৰাইজক ঘৰতে সোমাই থাকিবলৈ আহ্বান জনাই মন্ত্ৰী হাজৰিকাই।

Your Comments