আমেৰিকাৰ ছিয়াটলত ক'ৰোনা ভাইৰাছৰ সংকট

Ba

ড: আৰতি বৰা বৰুৱা,ছিয়াটল আমেৰিকা

চিয়াটোল আমেৰিকাৰ পশ্চিম উপকূলৰ এখন অভিজাত মহানগৰ৷ই এখন ৰিজ'ৰ্ট টাউনৰ নিচিনা,তাপমাত্ৰা অতিকৈ আৰামদায়ক আৰু মহানগৰৰ চাৰিওদিশে প্ৰশান্ত মহাসাগৰ।স্কী এলেকা,ফলমূলৰ বাগিচা আছে। নৰোত্মক আয়োগৰ বাবে এই মহানগৰী বিখ্যাত।ৰোয়িং,মাইক্ৰ'চফ্‌ট,আমাজন আদি বিশাল নামকৰা কোম্পানী ইয়াতে আৰম্ভ হোৱা৷বৰ্তমান বিশ্বৰ দ্বিতীয় স্থানৰ ধনাধ্য ব্যক্তি বিল গেটচ,আমাজনৰ প্ৰতিষ্ঠাপক জেক বেজোচ্ ছিয়াটলৰে৷ছিয়াটলত উচ্চ শিক্ষিত মানুহৰ সংখ্যা অধিক আৰু এই লোক সকলৰ প্ৰচেষ্টাতে এতিয়া ছিয়াটল বিশ্বৰ প্ৰথম শাৰীৰ এখন বিকশিত মহানগৰ।শেহতীয়াকৈ কিন্তু এই মহানগৰ ইয়াৰ চমৎকৃত কৰিব পৰা উন্নয়নৰ বাবে চৰ্চাত নাই,ই আমেৰিকাত আৰু বিশ্বজুৰি চৰ্চাত আছে ক'ৰ'ণা ভাইৰাছৰ সংক্ৰমণত হোৱা অধিকসংখ্যক মৃত্যুৰ বাবেহে।মই ছিয়াটলৰ এগৰাকী বাসিন্দা হিচাপে সাম্প্ৰতিক অভিজ্ঞতাৰ পৰা এই লেখাটো লিখিছোঁ৷বাদুলিৰ পৰা অহা এই ক'ৰ'না ভাইৰাছ এটা মাৰাত্মক সংক্ৰামক শ্বাসৰোগ।সংক্ৰামিত কৰাৰ ক্ষমতা ইয়াৰ অতি বেছি৷ইয়াৰ দুটা শ্ৰেণীৰ ভাইৰাছ আগতে নিশ্চিত হৈছে,সেইবাবে এতিয়াৰটোক অভিনৱ ক'ৰ'না ভাইৰাছ বা Covid-19 বোলে।এই  ভাইৰাছটোৰ সংক্ৰমণৰ এতিয়া কলেৰা,প্লেগ আদিৰ দৰে ৰোগসমূহৰ দৰে পৃথিৱীব্যাপি বিস্তাৰ হৈছে৷যোৱা বছৰৰ ডিচেম্বৰত চীনদেশৰ হুবেই প্ৰদেশৰ ৰাজধানী য়ুহান মহানগৰীত এই ভাইৰাছজনিত ৰোগৰ আৰম্ভণি হয়৷য়ুহান চীনদেশৰ এখন উদ্যোগপ্ৰধান মহানগৰী।গাড়ী আৰু গাড়ীৰ যন্ত্ৰাংশ ইয়াত নিৰ্মিত হয়৷চীনৰ উত্তৰত অৱস্থিত এই মহানগৰীত শীতত বৰফ নপৰিলেও যথেষ্ট ঠাণ্ডা পৰে৷ইয়াতে বাদুলীৰ পৰা আন এক প্ৰকাৰৰ জন্তুৰ মাজেৰে ক'ৰ'না ভাইৰাছ মানুহৰ শৰীৰলৈ আহিছে বুলি প্ৰকাশ পাইছে।Corona

     এতিয়া,আমেৰিকাত অথবা ছিয়াটলত কেনেদৰে ক'ৰ'না ভাইৰাছৰ সংক্ৰমণ আৰম্ভ হ'ল,সেই বিষয়ে কিছু কথা উল্লেখ কৰিবলৈ বিচাৰিছোঁ।ডায়মণ্ড প্ৰিন্সেচ বোলা সমুদ্ৰ ভ্ৰমণৰ  বিলাসী জাহাজ এখনত ৪ ফেব্ৰুৱাৰীত ক'ৰ'না ভাইৰাছৰ ৰোগী থকাৰ কথা নিশ্চিত হৈছিল৷আমেৰিকাৰ CDC(center for Disease  Control and Prevention)ৰ উদ্যোগত এই জাহাজত থকা আমেৰিকানসকলক বিমানেৰে আনি ছানফ্ৰাঞ্চিস্কোৰ ওচৰৰ ট্ৰেভাৰ বায়ু সেনাৰ ঘাটীলৈ অনা হয়৷তাৰ পৰাই কেনেবাকৈ এই ৰোগ কেলিফ'ৰ্নিয়াত আৰম্ভ হয়৷আনহাতে,ছিয়াটলত ক'ভিড -১৯ৰ ৰোগ আৰম্ভ হয় ইয়াৰ উপনগৰ কাৰ্কলেণ্ডৰ এখন নাৰ্ছিংহোমত৷১৩ মাৰ্চলৈকে আজিলৈকে এই প্ৰদেশত নিশ্চিত হোৱা ৰোগীৰ সংখ্যা ১০০ জন,১৯ জনৰ মৃত্যু হৈছে৷তাৰে ১৫ জন কাৰ্কলেণ্ডৰ এই  নাৰ্ছিংহোমৰ বাসিন্দা৷ছিয়াটলৰ ক'ভিড _১৯ ৰ শ্ৰেণীতো চীনৰ সৈতে একে।এই  ৰোগ হয়তো ৰোগীয়ে নজনাকৈ ইয়ালৈ আহিছে৷ক'ভিড-১৯ অতি সংক্ৰামক।এই ভাইৰাছ কঠিন সমতলত ১৪ ঘণ্টাৰ পৰা  কেইবাদিনো জীয়াই থাকিব পাৰে;কিন্তু অকণমান কীটানুনাশকেই ইয়াক মাৰিব পাৰে৷ঘাই বিপদটো হ'ল এই ভাইৰাছ বয়সীয়া মানুহৰ বাবে মাৰাত্মক৷ডেকা বয়সৰ ল'ৰা-ছোৱালীয়েও ভাইৰাছটোক কঢ়িয়ায়,কিন্তু ৰোগটো নহ'বও পাৰে।অৱশ্যে,আনক দিয়ে৷ডেকা মানুহে এই ৰোগত ভুগিলে আৰোগ্য হয়৷তেওঁলোকৰ বাবে মাৰাত্মক নহয়৷ অথচ,স্বাস্থ্য বিভাগৰ কৰ্মী এই ৰোগত ভুগিলে,ডেকা হলেও মাৰাত্মক দেখা গৈছে৷গতিকে,ৰোগীৰ লগত যোগাযোগ  হোৱা সকলোকে ৰোগৰ বাবে পৰীক্ষা  কৰিব লগা হয় ৷ৰোগ আছে বুলি নিশ্চিত হ'লে তেওঁলোকে ১৪ দিন পৃথকভাৱে থাকিব লাগে ৷এতিয় ছিয়াটলত  স্কুলত যদি ক'ৰ'না সংক্ৰমণৰ ৰোগী থকা বুলি প্ৰমাণিত হৈছে বা ৰোগীৰ  লগত যোগাযোগ হোৱা কথা গম পালেই স্কুল বন্ধ কৰি দিব লগা হৈছে৷ছিয়াটলৰ University of Washingtonৰ কৰ্মী এজন ৰোগীৰ সান্নিধ্যত অহা বুলি জনাৰ পিছত বিশ্ববিদ্যালয় ১৪ দিনৰ বাবে বন্ধ দিছে আৰু ইন্টাৰনেটত শিক্ষা দিছে৷ এখন নিৰ্দেশনা জাৰি কৰা হৈছে,য'ত ষাঠী বছৰৰ ওপৰৰ লোকক ৰাজহুৱা ঠাইলৈ পাৰিলে যাবলৈ মানা কৰিছে৷ এতিয়া আমাৰ দৰে বয়সীয়াসকলে  দৰকাৰ নহ'লে কিনা-মেলাৰ  বাবে বাহিৰলৈ নোলাওঁ৷ভাৰতত ক'ভিড-১৯ৰ কথাটো বেলেগ হ'ব পাৰে,কাৰণ এই ভাইৰাছটো গ্ৰীষ্মৰ পৰিৱেশত মৰিব পাৰে বুলি এটা কথা ওলাইছে।কিন্তু,এই কথাটো নিশ্চিত নহয়৷ই মৰেনে,আধা জীয়াই থাকে,সেয়া নিশ্চিত নহয়৷বিশ্ব স্বাস্থ্য সংস্থাইও বহুত কথা আপডেট কৰি আছে৷মাস্ক সকলোৰে বাবে উপযোগী নহয়,কিন্তু স্বাস্থ্য কৰ্মীৰ বাবে অপৰিহাৰ্য৷ মাস্কটো মুখ আৰু নাকৰ  লগত ভালকৈ ফিট কৰি পিন্ধিব লাগে৷এদিন ব্যৱহাৰ কৰি পেলাব লাগে৷ইফালে,এই ভাইৰাছ বেছি দিন থাকিলে বিশ্বজুৰি অৰ্থনীতি,ব্যৱসায়-বাণিজ্যৰ মন্দাৱস্থা আহিব।অতি দৰকাৰ নহ'লে মানুহে বিমানত যাবলৈও এৰিব লগা হৈছে৷Lockdown
     আমাৰ ছিয়াটলৰ বিহু বাতিল হ'ল৷বিহুৰ বাবদ  ল'ৰা-ছোৱালীবোৰে যথেষ্ট আখৰা কৰিব লাগে;যিটো বৰ আকৰ্ষণীয় হয়৷এই অভিজ্ঞতাখিনিৰ ভাগ দি সকলো ঠাইত নিবাৰণ আৰু প্ৰতিৰোধৰ ভাল ফল আশা কৰিলোঁ।আন এটা মন কৰিব লগা কথা যে ইয়াৰ ভেকচিন ওলাবলৈ অলপ সময় লাগিব ৷ লেবৰেটৰীত ভেকচিন নোলোৱা নহয়, কিন্তু উপাদান সংগ্ৰহ আৰু যথেষ্ট সংখ্যকভাৱে ভেকচিন প্ৰস্তুত কৰিবলৈ সময় লাগে।আমেৰিকাত অহা বছৰলৈ এই ভাইৰাছে বিশেষ বিপদ নানিব,কিন্তু,সদ্যহতে কোনো বিপদমুক্ত নহয়!ঘনাই হাতধোৱাতো অতি আৱশ্যকীয়৷সদ্যহতে, আমেৰিকাৰ তিনি প্ৰদেশত ৱাশ্বিংটন, কেলিফৰ্ণিয়া,নিউয়ৰ্কত আক্রান্তৰ সংখ্যা ১০০ৰ ওপৰ হৈছে৷এতিয়ালৈ মৃত্যুৰ সংখ্যা ২৩।তাৰ ১৯জন  ৱাশ্বিংটন ষ্টেটত, ২ জন কেলিফৰ্নিয়াত আৰু ২ জন ফ্লৰিডাত৷নিউয়ৰ্কত নিউ ৰোচেল মহকুমাত বেছি সংখ্যক ৰোগী পোৱাৰ বাবে আ গৱৰ্ণৰে এই ঠাইখিনিক ২৫ মাৰ্চলৈকে Containment zone হিচাপে ঘোষণা কৰিছে ৷গতিকেএই  ঠাইত হোৱা সমাৰোহ,খেল আদিলৈ বাহিৰৰ মানুহে যোগ দিব নোৱাৰিব৷এই সময়তে স্কুলবোৰো বন্ধ কৰা হ'ব আৰু নেচনেল গাৰ্ডৰ দলে স্কুলত বীজাণুনাশ কৰাৰ কাম কৰিব।মানু্হক ৰোগৰ বাবে পৰীক্ষা কৰা আদি কামত সহায় কৰিব৷ ৱাশ্বিংটন ডিচিৰ পাঁচজন কংগেছমেনে সামাজিকভাৱে বিছিন্ন হৈ ১৪ দিনৰ বাবে ঘৰৰ পৰা কাম কৰিবলৈ আৰম্ভ কৰিছে৷আন বিপদৰ কাৰণ হৈছে সাগৰলৈ যোৱা বিলাসী জাহাজবোৰ ঘূৰি অহাত৷গোটেইবোৰতে কিছু নহয় কিছু ক'ভিড-১৯জন ৰোগী আছে৷গতিকে তেওঁলোকক বেলেগে আনি ৰাখিব লগা হৈছে৷ছিয়াটলত ক'ভিড-১৯ ৰোগ বিস্তাৰক সমুদায় বিস্তাৰ বোলা হৈছে,কাৰণ কেনেকৈ আৰম্ভ হ'ল পম খেদি  পোৱা নগ'ল৷ছিয়াটলৰ ওচৰ- পাজৰৰ নিশ্চিত ভাইৰাছ থকা  কিছু মানুহক ৰাখিবৰ বাবে এটা পুৰণা মটেল ব্যৱহাৰ কৰা হৈছে।আমেৰিকাত ২৪ মাৰ্চলৈকে ৫০০ গৰাকীতকৈ অধিক লোকৰ ইতিমধ্যে ক'ৰ'না ভাইৰাছৰ সংক্ৰমণত মৃত্য হৈছে।কিন্তু,মুঠ ৰোগীৰ সংখ্যা এতিয়া ৪৬,০০০ তকৈ অধিক হৈছে।
     এতিয়া,অসমবাসীলৈ বিশেষ আহ্বান যে ক'ৰ'না ভাইৰাছ বা ক'ভিড-১৯ সংক্ৰমণৰ প্ৰতিৰোধৰ বাবে প্ৰতিগৰাকী নাগৰিকে চৰকাৰে নিৰ্ধাৰণ কৰি দিয়া নীতি-নিৰ্দেশনাসমূহ সম্পূৰ্ণৰূপে পালন কৰক।বয়োজ্যেষ্ঠ লোকসকলক ক'ৰ'নাৰ পৰা সুৰক্ষিত কৰি ৰখাৰ বাবে সৰ্বাধিক গুৰুত্ব দিয়ক।

Your Comments