বিটিচি পৰিষদীয় নিৰ্বাচনত কংগ্ৰেছ-এআইইউডিএফৰ মিত্ৰতা

Pic
ৰাজ্যসভাত মিত্ৰতাৰ পিছত এইবাৰ বিটিচি নিৰ্বাচনত যৌথভাৱে আগবাঢ়িব কংগ্ৰেছ-এআইইউডিএফ।বিটিচি পৰিষদীয় ৪০খন আসনৰ ২০খনত প্ৰাৰ্থিত্ব প্ৰদান কৰিব দুই যৌথ শক্তিয়ে।১৩খনত কংগ্ৰেছ,১২খনত এআইইউডিএফে প্ৰদান কৰিব প্ৰাৰ্থিত্ব।এই কথা মঙলবাৰে দুয়োটা দলে যুটীয়াভাৱে সংবাদমেল সম্বোধন কৰি ঘোষণা কৰে। মহানগৰীৰ হাতীগাঁও গ্ৰেণ্ড মেজিষ্টি হোটেলত সম্বোধন কৰা সংবাদ মেলখনত উপস্থিত থাকি কংগ্ৰেছ নেতা দুৰ্গা দাস বড়োৱে কয়- "বিটিচিত আমাৰ সহায় অবিহনে নহয় কোনো দলৰে চৰকাৰ।বিজেপিৰ বাহিৰে যিসমূহ দলৰ সৈতে আমাৰ মতাদৰ্শ মিলে,তেনে সকলো দলক চৰকাৰৰ গঠনত সহযোগ কৰা হ'ব।" বিজেপিৰ ৰামধেনু সাতোৰং সদৃশ ঐক্য আজি ওলোটা হ'ল।ইতিমধ্যে ৰাভা-তিৱা কাউঞ্চিল শেষ হৈছে।মিছিং সকলৰ ৰনোজ পেগুৰ আজি ৰং সলনি হৈছে।এইবাৰ বিজেপিৰ টাৰ্গেত বিপিএফ বুলি উল্লেখ কৰি বড়োৱে কয়-"বিপিএফক ৰাজনৈতিক ডেগাৰ মাৰিলে।" ইফালে,মঙলবাৰৰ সংবাদ মেলতে এআইইউডিএফ দলে ঘোষণা কৰে ছয়জনীয়া প্ৰথমখন প্ৰাৰ্থী তালিকা।সেই অনুসৰি ১নং পৰ্বতজোড়াত দিলীপ কুমাৰ ব্ৰহ্ম,ফকিৰাগ্ৰামত আনোৱাৰ হুছেইন,খৈৰীবাড়ীত খলিলুৰ ৰহমান,ধনশ্ৰীত মিঠাৰাম বসুমতাৰী,মধৈবাৰীত ৱাচিম আক্রাম চৌধুৰী,অন্য এজন ফাৰহাদ হুছেইন। ইফালে,মানস চেফাংৰত প্ৰাৰ্থী ঘোষণা কৰিবলৈ এতিয়াও বাকী আছে। আনহাতে কংগ্ৰেছৰ প্ৰাৰ্থী তালিকা ইতিমধ্যে প্ৰকাশ পাইছে।গুৰুত্বপূৰ্ণ কথা এই যে ক'ৰ'নাৰ বাবে বিটিচি নিৰ্বাচনত প্ৰভাৱ পৰিব বুলি উল্লেখ কৰি দুৰ্গা দাস বড়োৱে কয়-"ৰাজ্য চৰকাৰে বিটিচিৰ জনতাৰ দায়িত্ব লব লাগে।যদি নিৰ্বাচন হয় আমি সহযোগ কৰিম,কিন্তু ক'ৰ'নাৰ বাবে যদি বিটিচিৰ জনসাধাৰণৰ প্ৰতি ভাবুকি আহে,তেন্তে তাৰ বাবে দায়ী হ'ব চৰকাৰ।" আনহাতে,দুয়োটা দল চৰকাৰ গঠনৰ অংশীদাৰ হ'লে বড়ো-অবড়োৰ মাজত বিটিআৰে সৃষ্টি কৰা সংঘাত নিৰ্মূল কৰিম।বিভাজনৰ ৰাজনীতি শেষ কৰা হ'ব বুলি বড়োৱে কয়। উল্লেখ যে সংবাদ মেলত উপস্থিত আছিল কংগ্ৰেছৰ ৱাজেদ আলি চৌধুৰী,এআইইউডিএফৰ আমিনুল ইছলাম,বাচিল চাহাব প্ৰমুখ্যে দুয়োটা দলৰ বহুকেইজন নেতা।

Your Comments