'আছু'ৰ প্ৰাক্তন কেন্দ্ৰীয় সাধাৰণ সম্পাদক শশধৰ কাকতিৰ বিয়োগ

Pic

বৰপেটাৰোডৰ পৰা ৰঞ্জিত তালুকদাৰ: সদৌ অসম ছাত্ৰ সন্থাৰ প্রাক্তন কেন্দ্রীয় সাধাৰণ সম্পাদক তথা বৰপেটা ৰোডৰ 'সাৰথি গেছ এজেন্সি'ৰ স্বত্বাধিকাৰী,বিশিষ্ট সমাজকর্মী শশধৰ কাকতিৰ বিয়োগ।দীর্ঘদিন ধৰি অসুস্থ হৈ থকা কাকতিয়ে বৃহস্পতিবাৰে নিশা ১০.৩০ বজাত বৰপেটাৰ ফখৰুদ্দিন আলী আহমেদ চিকিৎসা মহাবিদ্যালয়ত শেষ নিশ্বাস ত্যাগ কৰে । আত্মীয়-স্বজনৰ আপ্ৰাণ চেষ্টাৰ আৰু চিকিৎসকৰ নেৰানেপেৰা প্ৰচেষ্টাৰ পিচতাে মৃত্যুৰ ওচৰত হাৰ মানিবলৈ বাধ্য হয় একালৰ শক্তিশালী ছাত্রনেতাগৰাকী । উল্লেখযােগ্য যে ঐতিহাসিক অসম চুক্তি স্বাক্ষৰিত হােৱাৰ পিচতে ১৯৮৫ চনত লখিমপুৰত অনুষ্ঠিত ছাত্ৰ সন্থাৰ অধিৱেশনত ভূগু কুমাৰ ফুকনৰ উত্তৰসূৰী হৈ শশধৰ কাকতিয়ে সাধাৰণ সম্পাদক পদত অধিষ্ঠিত হৈছিল।উক্ত অধিৱেশনতে ছাত্র সংগঠনটোৰ সভাপতি হিচাপে নির্বাচিত হৈছিল কার্তিক হাজৰিকা। 'আছু'ৰ দৰে এটা জাতীয় সংগঠনৰ সাধাৰণ সম্পাদকৰ গুৰু দায়িত্ব লৈ কাকতিয়ে অসমৰ জাতীয় জীৱনৰ গুৰুত্বপূৰ্ণ সমস্যা সমাধানৰ বাবে নিৰৱচ্ছিন্নভাৱে সংগ্রাম চলাই গৈছিল । পৰৱৰ্তী সময়ত তেওঁ বৰপেটাৰোডত 'সাৰথি গেছ এজন্সি' স্থাপন কৰি ব্যৱসায়-বাণিজ্য কৰি জীৱন নিৰ্বাহ কৰিছিল। ইফালে,প্ৰাক্তন ছাত্ৰ নেতাগৰাকীৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে।শোক প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী প্ৰেছ উপদেষ্টা ঋষিকেশ গোস্বামীয়েও। উল্লেখযােগ্য যে কাকতিয়ে মৃত্যুৰ সময়ত সংসাৰত পত্নী আৰু পুত্র ৰাজকেশৰ কাকতিৰ লগতে অন্যান্য আত্মীয়-স্বজনক এৰি থৈ গৈছে।

Your Comments