দক্ষতা বিকাশৰ প্ৰশিক্ষণৰ বাবে বেংগালুৰুলৈ মৰিগাঁৱৰ ১৭ জন কৃষক

Pic

মৰিগাঁৱৰ প্ৰতিবেদক: 

মৰিগাঁও জিলা কৃষি ক্ষেত্র উৎপাদনৰ বাবে বিশেষ গুৰুত্ব আৰোপ কৰিছে মৰিগাঁও জিলা প্ৰশাসনে। জিলা উপায়ুক্ত ঋতুৰাজ বৰাই জিলাখনৰ কৃষি খণ্ডৰ উৎপাদন দুগুণলৈ বৃদ্ধি কৰাৰ লক্ষ্য আগত লৈ চলাই থকা কৰ্মসূচীৰ অংশ হিচাপে উদ্যান শস্যৰ প্ৰশিক্ষণ গ্ৰহণ কৰিবলৈ ১৭ জন কৃষক ৰাওনা হৈছে বেংগালুুৰুলৈ। জিলাখনৰ বিভিন্ন প্ৰান্তৰ পৰা নিৰ্বাচিত কৰা পুৰুষ -মহিলা কৃষকৰ দলটোৱে ২০ জানুৱাৰীৰ পৰা গ্ৰহণ কৰিব ২১ দিনীয়া প্ৰশিক্ষণ। ৰাষ্ট্ৰীয় উদ্যান শস্য পৰিষদৰ উদ্যোগত গ্ৰহণ কৰিব লগীয়া প্ৰশিক্ষণত কৃষকসকলৰ দক্ষতা বিকাশ, আধুনিক প্ৰযুক্তিবিদ্যা সংযোজিত কৃষিৰ ওপৰত বিশেষ গুৰুত্ব প্ৰদান কৰিব।ৰাষ্ট্ৰীয় উদ্যান শস্য পৰিষদৰ  উদ্যোগত ৰূপায়ণ কৰিব লগা এই প্ৰশিক্ষণৰ বাবে ৰাওনা হোৱা কৃষকসকলক    সন্মমুখত শুকুৰবাৰে  জাগীৰোডস্থিত গড়কাপ্তানি বিভাগৰ আই বিত পৰামৰ্শমূলক বক্তব্য আগবঢ়াই অতিৰিক্ত উপায়ুক্ত ডা: তহিদুৰ ৰহমান,জিলা কৃষি বিষয়া মাধুৰাম পাতিৰি,আবকাৰী বিষয়া মুছাৰব হুছেইন,মায়ং ৰাজহ চক্ৰৰ চক্ৰ বিষয়া সংঘমিত্ৰা বৰুৱাই।শনিবাৰে পুৱা যাত্ৰা আৰম্ভ কৰা কৃষকৰ দলটোৰ লগত জিলা কৃষি বিভাগৰ কেইবাজনো বিষয়াও ৰাওনা হৈছে। 

Your Comments