ইৰাকত মাৰ্কিন সেনাৰ ঘাটিত ইৰাণৰ ক্ষেপণাস্ত্ৰৰে আক্ৰমণত নিহত বহুজন:ইৰাণ-আমেৰিকাৰ যুদ্ধৰ আশংকাত কম্পমান মধ্যপ্ৰাচ্য

Pic

ইৰাণী কুডছ বাহিনীৰ কমাণ্ডাৰ জেনেৰেল কাছিম ছুলেমানীক যোৱা ৩ জানুৱাৰীত ইৰাকৰ বাগদাদৰ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰৰ সমীপত আমেৰিকাই ড্ৰোণ আক্ৰমণ কৰি হত্যা কৰাৰ প্ৰতিশোধ বুধবাৰে পুৱা ইৰাণে ল'লে।

Pic

বুধবাৰে পুৱা ইৰাকত থকা মাৰ্কিন সেনাৰ ঘাটিত ২২ টা বেলেষ্টিক ক্ষেপণাস্ত্ৰৰে আক্ৰমণ কৰে ইৰাণী সেনাই।এই আক্ৰমণত ৮০ গৰাকী আমেৰিকান নিহত হৈছে বুলি দাবী কৰিছে ইৰাণী সেনাই।ইৰাণৰ এই আক্ৰমণৰ পিছতে বর্তমান সমগ্র মধ্যপ্ৰাচ্যত তীব্ৰ উত্তেজনাৰ সৃষ্টি হৈছে।ইৰাণ-আমেৰিকাৰ মাজত ক্ষয়ংকৰী যুদ্ধ হোৱাৰ আশংকাত কম্পমান হৈছে আৰব বিশ্বৰ জনতা।

Your Comments