মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পক নিৰ্বাচনত পৰাস্ত কৰিবলৈ মন বান্ধিছে এজন ধন কুবেৰে...

Pic

৫০ বিলিয়ন ডলাৰৰ বিশাল পৰিমাণৰ ধন-সম্পত্তিৰ গৰাকী এজন ধন কুবেৰে মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পক নিৰ্বাচনত পৰাস্ত কৰিবলৈ মন বান্ধিছে।তেওঁ হৈছে নিউয়ৰ্ক মহানগৰৰ প্ৰাক্তন পৌৰপতি তথা জলবায়ু পৰিৱৰ্তন বিৰোধী কৰ্মকৰ্তা মাইকেল ব্লুমবাৰ্গ।৭৭ বছৰীয়া ব্লুমবাৰ্গে আগন্তুক মাৰ্কিন ৰাষ্ট্ৰপতি নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰাৰ বাবে ডেমক্ৰেটিক দলৰ পৰা প্ৰাৰ্থিত্ব বিচাৰিছে।ব্লুমবাৰ্গে ঘোষণা কৰে যে ৰাষ্ট্ৰপতি নিৰ্বাচনত ডোনাল্ড ট্ৰাম্পক পৰাস্ত কৰিবলৈ আৰু নতুন আমেৰিকা নিৰ্মাণত ব্ৰতী হ'বলৈ তেওঁ প্ৰাৰ্থিত্ব বিচাৰিছে।ট্ৰাম্পৰ চিন্তাবিহীন অনৈতিক কার্য পদ্ধতি আৰু চাৰি বছৰৰ বাবে সহ্য কৰাটো সম্ভৱ নহয় বুলি কয় ব্লুমবাৰ্গে।ট্ৰাম্পে আমেৰিকাৰ অস্তিত্বৰ প্ৰতি সংকটৰ সৃষ্টি কৰিছে বুলি ব্লুমবাৰ্গে মন্তব্য কৰে।

Your Comments