ভয়ংকৰ বায়ু প্ৰদূষণ:৬৭ শতাংশ দিল্লীবাসীয়ে বিচাৰিছে দিল্লী ত্যাগ কৰিবলৈ 

Pic

প্ৰাণঘাতক হৈ পৰা বায়ু প্ৰদূষণৰ বাবে ৬৭ শতাংশ দিল্লীবাসীয়ে এটা সমীক্ষাত দিল্লী এৰি অন্য এলেকালৈ স্থানান্তৰ হোৱাৰ ইচ্ছা প্ৰকাশ কৰিলে।'ইউ চি ব্ৰাউজাৰ'-এ কৰা এটা অনলাইন সমীক্ষাত অংশগ্ৰহণ কৰা ১৬,৪১৬ গৰাকী দিল্লীবাসীৰ ভিতৰত ১১ হাজাৰে দিল্লী এৰি যোৱাৰ পক্ষে মত প্ৰকাশ কৰিলে।ভয়ংকৰ বায়ু প্ৰদূষণৰ বাবে নাগৰিকসকল বিভিন্ন ৰোগত আক্ৰান্ত হোৱাৰ পৰিপ্ৰেক্ষিতত দিল্লীবাসী আতংকিত হৈ পৰাৰ ই এটা প্ৰমাণ হিচাপে চিহ্নিত হৈছে।

Your Comments