পঞ্চায়ত আৰু গ্ৰামোন্নয়নৰ ঠিকাভিত্তিক কৰ্মচাৰীৰ কৰ্মবিৰতি কাৰ্যসূচীৰ সামৰণি

sowalkuchi

শুৱালকুছিৰ পৰা মৃণাল ডেকাৰ প্ৰতিবেদন :

সদৌ অসম পঞ্চায়ত আৰু গ্ৰামোন্নয়ন ঠিকাভিত্তিক কৰ্মচাৰী পৰিষদৰ আহ্বানমৰ্মে ১ , ২, ৩ , ৪ , আৰু ৯ , ১০ ,১১ অক্টোবৰত পালন কৰা ঠিকাভিত্তিক কৰ্মচাৰীৰ কৰ্মবিৰতি কাৰ্যসূচীৰ যোৱা শুকুৰবাৰে সামৰণি পৰে।অসমৰ অন্যান্য অঞ্চলৰ লগতে শুৱালকুছি উন্নয়ণ খণ্ডৰ পঞ্চায়তৰ কৰ্মীসকলেও নিৰাবাছিন্নভাৱে চলাই অহা এই নিৰ্দিষ্ট প্ৰতিবাদী কাৰ্যসূচীটোৰ শুকুৰবাৰে সামৰণি মাৰে৷ইতিমধ্যে পাৰ হোৱা দিন কেইটাত গ্ৰাম ৰোজগাৰ সহায়ক ,এক্ৰিডেটেদ ইঞ্জিনীয়াৰ , কম্পিউটাৰ সহায়ক,হিচাপৰক্ষক আদি কৰ্মীসকলেও এই কৰ্মবিৰতি কাৰ্যসূচীটো চলাই নিয়াত সম্পূৰ্ণ সহযোগিতা আগবঢ়ায়৷ উল্লেখযোগ্য যে চাকৰি নিয়মীয়াকৰণ ,সমহাৰত বেতন ,গ্ৰেড পে প্ৰদান ,নিয়মীয়া কৰ্মচাৰী সকলে পাই থকা সকলো সা- সুবিধা প্ৰদান কৰা আদি দাবীত কৰ্মচাৰী সকলে এই কৰ্মবিৰতি আন্দোলন ঘোষণা কৰিছিল৷

Your Comments