
হোজাইৰ পৰা মনোজ কুমাৰ পাঠকৰ প্ৰতিবেদন :
যুৱকৰ কামনাৰ বলি যুৱতী বা কিশোৰী হোৱা ঘটনা আমি মাজে সময়ে শুনিবলৈ পাও যদিও এইবাৰ হোজাইৰ লংকাত সংঘটিত হ'ল আন এক লজ্জাজনক ঘটনা | হোজাই জিলাৰ লংকা নখুটীত এগৰাকী ৩৫ বছৰীয়া যুৱকৰ কামনাৰ বলি হবলগীয়া হয় বাৰ বছৰীয়া এটি কিশোৰ । অভিযোগ উঠা মতে,আব্দুল মতিন নামৰ এজন যুৱকে পথাৰত খেলিবলৈ যোৱাৰ সময়ত কিশোৰ জনক ফুচুলাই জংঘললৈ নি হাত ভৰি বান্ধি ধৰ্ষণ কাৰ্য সংঘটিত কৰে ।পাছত আঘাতপ্ৰাপ্ত হৈ কান্দি থকা কিশোৰটিৰ মুখৰ পৰা পৰিয়ালৰ লোকে জানিব পাৰে সমগ্ৰ ঘটনা |লগে লগে হতবাক হৈ পৰে পৰিয়াল তথা স্হানীয় ৰাইজ ।একাংশ স্হানীয় লোকে ঘটনাটো গাপ দি মীমাংসাৰ চেষ্টা চলাই যদিও কিশোৰটিৰ পৰিয়ালে যোৱাকালি অৰ্থাৎ শুক্ৰবাৰে নখুটি আৰক্ষী চকীত অভিযুক্ত আব্দুল মতিনৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে | উল্লেখ্য যে,এই ঘৃননীয় অভিযোগ উঠা আব্দুল মতিনক বিচাৰি তদন্ত আৰম্ভ কৰিছে নখুটি আৰক্ষীয়ে | ইতিমধ্যে,ঘৃননীয় এই ঘটনাই অঞ্চলটোৰ সকলোকে লজ্বানত কৰি তুলিছে।
- Log in to post comments
- 57 views