মধ্যপ্ৰদেশৰ স্কুলীয়া পাঠ্যক্ৰমত অন্তৰ্ভুক্ত হ'ব সদ্যপ্ৰয়াত প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ জীৱন-পৰিক্ৰমা । মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানে এই ঘোষণা আগবঢ়াইছে । 
মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰা অনুসৰি অহা শিক্ষা বৰ্ষৰপৰাই বাজপেয়ীৰ জীৱন-পৰিক্ৰমা স্কুলীয়া পাঠ্যক্ৰমত সন্নিৱিষ্ট কৰা হ'ব । বিজেপিৰ পিতামহগৰাকীৰ সোঁৱৰণত তিনিটা ৰাষ্ট্ৰীয় বঁটা আগবঢ়োৱাৰ কথাও চৌহানে ঘোষণা কৰিছে । 
এই বঁটাকেইটা প্ৰদান কৰা হ'ব কবিতা, সাংবাদিকতা আৰু সু-শাসনৰ ক্ষেত্ৰত । প্ৰতিটো বঁটাৰ বিজয়ীক ৫ লাখ টকাকৈ নগদ পুৰস্কাৰ প্ৰদান কৰা হ'ব । 
        - Log in to post comments
 - 30 views
 
    
