
শিৱসাগৰৰ পৰা কল্যাণজ্যোতি বুঢ়াগোহাঁই :
শিৱসাগৰৰ ৰংপুৰজ্যোতি ক্লাৱত সোমবাৰে অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত ডঃ ভূৱনেশ্বৰ ডেকাক ডঃ ময়িদুল ইছলাম বড়া সাহিত্য বঁটা ২০১৯ প্ৰদান কৰা হয়।
অসমৰ প্ৰথম গৰাকী ডক্টৰেট তথা অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ড: ময়িদূল ইছলাম বৰাৰ স্মৃতিত অৰুনোদয় সাহিত্য সভা আৰু ময়িদূল ইছলাম বড়া স্মৃতিৰক্ষা সমিতিয়ে এই বঁটা প্ৰদান কৰে ।
উল্লেখ্য যে জিকিৰ আৰু জাৰিৰ ওপৰত গৱেষণা কৰি ডক্টৰেট ডিগ্ৰী লাভ কৰা প্ৰথম গৰাকী গৱেষক ড: ভূৱনেশ্বৰ ডেকা বিদ্যা ভাৰতী মহাবিদ্যালয়ৰ প্ৰাক্তন প্ৰতিষ্ঠাপক অধ্যক্ষ হোৱাৰ লগতে সাহিত্যৰ সুবাস, বোধিদ্ৰুম, পঞ্চপুস্প, কামিনী কাঞ্চন, অসমীয়া জিকিৰ আৰু জাৰি গীতৰ পৰিচয়, অসমীয়া জিকিৰ আৰু জাৰি গীতৰ ৰহঘৰাকে ধৰি বহুকেইখন গ্ৰন্থৰ ৰচয়িতা ড: ভুবনেশ্বৰ ডেকা।
বিশিষ্ট সাহিত্যিক গৰাকীক ড: ময়িদূল ইছলাম বড়া সাহিত্য বঁটা প্ৰদান কৰে অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি, মিতভাষ স্ৰষ্টা ড: নগেন শইকীয়াই।
বঁটা প্ৰদান অনুষ্ঠানত অংশ লৈ ড: নগেন শইকীয়াই ড: ময়িদূল ইছলাম বড়াৰ জীৱন, সাহিত্য কৃতিৰ লগতে দৰ্শনৰ সন্দৰ্ভত আলোকপাত কৰে ৷ ডঃ শইকীয়াই জিকিৰ আৰু জাৰিৰ স্ৰষ্টা আজান পীৰে কীৰ্তন আৰু কোৰাণৰ মূল তত্ব একেলগ কৰি অসমীয়া সমাজলৈ এক গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াই যায় বুলি নিজ ভাষণ প্ৰসংগত এক গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায়৷
বঁটা প্ৰাপক ড: ভূৱনেশ্বৰ ডেকাই কয়, সমাজৰ উন্নতি আৰু প্ৰগতিৰ বাবে সাহিত্য হ'ব লাগে। ডঃ ময়িদুল ইছলাম বড়াই মাত্ৰ কেইটামান প্ৰৱন্ধ, গল্প কবিতা লিখি সাহিত্যিক হ'ব পাৰিছিল। তেখেতে সেই চমু অভিভাষণত সমষ্ট সাহিত্যৰ কথা উল্লেখ কৰি হাতী মাৰি ভুৰুকাত ভৰাইছিল। বঁটা পাই তেওঁ আনন্দিত। তেওঁ কয় বঁটাই সাহিত্যিকৰ গুণাগুণ নিৰ্ণয় নকৰে , কিন্তু অনুপ্ৰাণিত কৰে, উৎসাহিত কৰে।
অৰুণোদয় সাহিত্য সভাৰ উপ সভাপতি মণিৰুল ইছলাম বড়াই আঁতধৰা অনুষ্ঠানটোত সভাপতিত্ব কৰে ড০ ময়িদুল ইছলাম বড়া স্মৃতিৰক্ষা সমিতিৰ কাৰ্যকৰী সভাপতি প্ৰেম গগৈয়ে। অনুষ্ঠানত থানুৰাম গগৈ মেমৰিয়েল হাই স্কুলৰ অধ্যক্ষা স্বৰ্ণজ্যোতি বৰুৱা বৰবৰা, সমাজকৰ্মী সুৰভি ৰাজকুৱৰী, উপ পৌৰপতি আজাদ আলম, উজনি অসম মুছলিম কল্যান পৰিষদৰ চৌখত লতিফকে ধৰি ভালেসংখ্যক ব্যক্তিয়ে অংশ গ্ৰহণ কৰে।
- Log in to post comments
- 38 views