সোণাৰিত পথ দুৰ্ঘটনা, ক্ষতিগ্ৰস্ত স্কুলভানৰ পৰা উদ্ধাৰ মদৰ বটল:কথমপি প্ৰাণ ৰক্ষা ছাত্ৰ-ছাত্ৰীৰ

Acci

সোণাৰিৰ পৰা ঘন বৰা

চৰাইদেউ জিলাৰ সোণাৰিত সোমবাৰে দুপৰীয়া সংঘটিত হোৱা এটা ভয়ংকৰ পথ দুৰ্ঘটনাৰ পৰা কথমপি প্ৰাণ ৰক্ষা পৰে বহুকেইগৰাকী ছাত্ৰ-ছাত্ৰীৰ। সোণাৰিৰ পৰা সাতগৰাকী ছাত্ৰ-ছাত্ৰীক লৈ মাহমৰা অভিমুখে তীব্ৰ বেগত গৈ থকা এখন স্কুলে ভানে বিপৰীত দিশৰ পৰা অহা তীব্ৰবেগী এ এছ ০৪-বি চি-৪৭৩৩ নম্বৰৰ ডাম্পাৰত খুন্দা মৰাৰ ফলত সংঘটিত হয় এই দুৰ্ঘটনা। সোণাৰিৰ টিয়ক ৰজাবাৰী দলঙৰ সমীপত সংঘটিত এই দুৰ্ঘটনাত স্কুলভানখন বেয়াকৈ ক্ষতিগ্ৰস্ত হৈছে।

Kk

ইফালে,সোণাৰি চেণ্ট যোছেফ স্কুলৰ ছাত্ৰ-ছাত্ৰী কঢ়িয়াই নিয়া এএছ ০৪ পি ৪৫৬১ নম্বৰৰ স্কুল ভানখনত বহু পৰিমাণৰ মদৰ বটল উদ্ধাৰ হোৱা কাৰ্যই চকু কপালত তুলিছে সচেতন মহলত।সোণাৰি আৰক্ষীয়ে  গাড়ীখন জব্দ কৰাৰ লগতে গাড়ীখনৰ চালক বিকাশ কোঁৱৰক আটক কৰে।উল্লেখযোগ্য যে চৰাইদেউ জিলাৰ বিভিন্ন প্ৰান্তত একাংশ অপৈনত উদণ্ড প্ৰকৃতিৰ গাড়ী চালকে তীব্ৰ বেগত গাড়ী চলাই ত্ৰাসৰ সৃষ্টি কৰি আহিছে। কিন্তু আৰক্ষীয়ে সকলো দেখিও নেদেখাৰ ভাও জুৰি কেৱল মাত্ৰ মটৰ বাইকৰ বিৰুদ্ধেহে অভিযান চলোৱাত ব্যস্ত থাকে।

Your Comments