
মৰিগাঁৱৰ পৰা জিতুমণি নাথ
মৰিগাঁও জিলাৰ একাংশ কৃষকে কঠোৰ শ্ৰমেৰে উন্নত কৃষি পদ্ধতিৰ জৰিয়তে স্বাৱলম্বিতা অর্জনৰ ক্ষেত্রত চলাই থকা সংগ্ৰামক উৎসাহিত কৰিবলৈ আদৰ্শ কৃষকৰ কৃষিকাৰ্য পৰিদৰ্শনৰ কাৰ্যসূচীৰ অংশ হিচাপে সোমবাৰে মৰিগাঁও জিলাৰ উপায়ুক্ত ঋতুৰাজ বৰাই দমাল বেতনি গাৱঁৰ প্ৰভাকৰ ডেকাৰ ধান খেতি, আপেল বগৰী আৰু ড্ৰেগন ফ্ৰুইটৰ বাগিচা পৰিদৰ্শন কৰে।প্ৰভাকৰ ডেকাৰ শৃংখলাবদ্ধ কৃষিকাৰ্যক জিলা উপায়ুক্তগৰাকীয়ে প্ৰশংসা কৰি জিলা প্ৰশাসন তথা জিলা কৃষি বিভাগৰ জৰিয়তে যথোপযুক্ত সহায়ৰ হাত আগবঢ়োৱা হ'ব বুলি আশ্বাস প্ৰদান কৰে।উল্লেখ্য যে আদৰ্শ কৃষক ডেকাই এইবাৰ ১০বিঘা মাটিত খেতি কৰি ২০ লাখ টকা উপাৰ্জন কৰাৰ পৰিকল্পনা কৰিছে।বিগত বছৰতো ডেকাই ৫ বিঘা মাটিত বগৰী খেতি কৰি ১০ লাখ টকা উপাৰ্জন কৰিছিল। বৰ্তমান ড্ৰেগন ফ্ৰুইটৰ পুলি বিক্ৰী আৰম্ভ কৰা ডেকাৰ কৃষিফাৰ্মলৈ যোৱা পথটোৰ দুৰাৱস্থাৰ প্ৰতি লক্ষ্য ৰাখি জিলা উপায়ুক্ত ঋতুৰাজ বৰাই শীঘ্ৰেই পথটোৰ মেৰামতিৰ ব্যৱস্থা কৰিব বুলি অৱগত কৰে।
কৃষিকাৰ্য পৰিদৰ্শনৰ সময়ত জিলা উপায়ুক্তগৰাকীক সংগ দিয়ে মৰিগাঁও সহকাৰী কৃষি সঞ্চালক বিপুল আহমেদ আৰু পশুপালন বিষয়া ডা: নীলোৎপল কাকতিয়ে।আনহাতে,কৃষিকাৰ্য পৰিদৰ্শন কাৰ্যসুচীৰ অংশ হিচাপে কেইদিনমান পূৰ্বে জিলা উপায়ুক্ত ঋতুৰাজ বৰাই বঘৰা গলছেপাৰ ভূপেন ডেকাৰ ছাগলী ফাৰ্মখনো পৰিদৰ্শন কৰে। মৰিগাঁও জিলা পশুপালন বিভাগে বিভিন্ন ক্ষেত্ৰত সহায়- সহযোগিতা কৰি অহা ডেকাই বৰ্তমানে ১৩০ টা বিতল জাতৰ ছাগলীৰে ফাৰ্মখন পৰিচালনা কৰি আছে।
- Log in to post comments
- 23 views