আনুষ্ঠানিকভাৱে আৰম্ভ হ'ল এছিয়ান গেমছ-২০১৮ ৷ জাকাৰ্টাৰ জি বি কে (গেলোৰা বেং কাৰ্ণ') ষ্টেডিয়ামত বৰ্তমান চলি আছে শুভাৰম্ভণি অনুষ্ঠান ৷

অৱশ্যে ইতিমধ্যে বহুকেইটা বিভাগৰ খেল আৰম্ভ হৈছে যদিও আজি আনুষ্ঠানিকভাৱে উদ্বোধন হ'ব এছিয়ান গেমছ-২০১৮ ৷ শুভাৰম্ভণি অনুষ্ঠানৰ মুখ্য আকৰ্ষণ হ'ল ইণ্ডোনেছিয়াৰ আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন বহু কেইগৰাকী শিল্পী ৷

১২০ মিটাৰ দৈৰ্ঘ্য, ৩০ মিটাৰ বহল আৰু ২৬ মিটাৰ উচ্চতাৰ আকৰ্ষণীয় মঞ্চত অনুষ্ঠিত হ'ব বিভিন্ন সাংস্কৃতিক কাৰ্যসূচী ৷ উল্লেখ্য যে ভাৰতৰ হৈ পেৰেডত ৰাষ্ট্ৰীয় পতাকা বহন কৰিব জেভলিন থ্ৰৱাৰ নীৰজ চোপ্ৰাই ৷
আনহাতে, এইবাৰৰ এছিয়ান গেমছত ভাৰতৰ হৈ প্ৰতিনিধিত্ব কৰিছে ছয়গৰাকী অসম সন্তানে ৷

মুঠ ৪৫খন ৰাষ্ট্ৰই অংশগ্ৰহণ কৰিবলগা এইবাৰৰ এছিয়ান গেমছ ২ ছেপ্টেম্বৰলৈ চলিব ।
১৫ দিনীয়াকৈ অনুষ্ঠিত হবলগীয়া এইবাৰৰ এছিয়ান গেমছত ৪৫খন দেশৰ ২০ হাজাৰৰো অধিক খেলুৱৈয়ে অংশগ্ৰহণ কৰিব ।
য'ত ভাৰতৰ হৈ মুঠ ৩২টা ইভেণ্টত প্ৰতিনিধিত্ব কৰিব ৫২৪জন খেলুৱৈয়ে । 
 
 
- Log in to post comments
 - 14 views
 
    
