বঙাইগাঁও জিলাৰ বান পৰিস্থিতিৰ সামান্য উন্নতি : বৰ্তমানো বানৰ কৱলত  ১৭১ খন গাঁও

bgn

বঙাইগাঁওঃ

একেৰাহে তিনিদিন বিৰতিৰ পাছত আজি বতৰ ভাল হোৱাত বঙাইগাঁও জিলাৰ বানাক্ৰান্ত ৰাইজৰ মনত সঞ্চাৰ কৰিলে আশা আৰু কিছু সকাহৰ। লগতে বতৰে যদি পুনৰ বিধি পথালি নিদিয়ে, তেতিয়াহ'লে অতি সোনকালেই বঙাইগাঁও জিলাই বানৰ কৱলৰ পৰা মুক্ত হ'ব বুলি আশা কৰিব পাৰি। উল্লেখ্য যে যোৱা ২৪ ঘণ্টাত জিলাখনত বৰষুণৰ গড় পৰিমাণ আছিল ৩ মি.মি। কিন্তু গুৱাহাটীত অৱস্থিত Regional Metereogical Centre এ দিয়া বতৰৰ আগজাননী হিচাপে আজিৰে পৰা অহা পাঁচ দিনৰ ভিতৰত মুঠ তিনিদিন বঙাইগাঁও জিলাত ঠায়ে ঠায়ে প্ৰৱল বৃষ্টিপাত হোৱাৰ আশংকা প্ৰকাশ কৰা হৈছে । অৱশ্যে আজিৰ দিনটোত জিলাখনৰ বানাক্ৰান্ত অঞ্চলসমূহত কম বেছি পৰিমাণে বান পৰিস্থিতিৰ উন্নতি হোৱা দেখিবলৈ পোৱা গৈছে। অৱশ্যে বানত আক্ৰান্ত গাঁৱৰ সংখ্যাৰ বিশেষ তাৰতম্য ঘটা নাই যদিও বৰ্তমান বানৰ কৱলত পৰা বহু গাঁৱৰ পানী কমিবলৈ আৰম্ভ কৰিছে। প্ৰাপ্ত তথ্য অনুসৰি বৰ্তমান জিলাখনৰ সৃজনগ্ৰাম ৰাজহ চক্ৰৰ অন্তৰ্গত ৮১খন গাঁও আৰু বিজনী ৰাজহ চক্ৰৰ ৪৪ খন গাঁৱৰ বাহিৰে আন ৰাজহ চক্ৰৰ বানাক্ৰান্ত এলেকা সমূহত বান পৰিস্থিতি কম বেছি পাৰিমাণে ভাললৈ আহিছে।bgn2

বইটামাৰী, ডাংতল আৰু বঙাইগাঁও ৰাজহ চক্ৰত বৰ্তমান ৩৭খন, ৭খন আৰু ২খন গাঁওকে ধৰি জিলাখনৰ মুঠ ১৭১ খন গাঁও বানৰ কৱলত আছে। সেইদৰে বৰ্তমান জিলাখনৰ সৰ্বমুঠ বানপীড়িৰ সংখ্যা হৈছে ২,৫২,৮৫০জন ৷ ইপিনে ধাৰাসাৰ বৰষুণৰ ফলত দাঁতি কাষৰীয়া নদী সমূহ উফন্দি অহাত বঙাইগাঁও চহৰখনত হঠাৎ বান পৰিস্থিতিৰ সূচনা হৈছিল যদিও জিলা প্ৰশাসনৰ তৎপৰতাৰ বাবে এতিয়া সম্পূৰ্ণৰূপে সেই অৱস্থা শাম কাটিছে। উল্লেখ্য যে যোৱা কিছুদিনৰ পৰা জিলাখনৰ বান পৰিস্থিতিৰ সঘন উত্থান পতনৰ প্ৰতি লক্ষ্য ৰাখি জিলাখনত এতিয়াও সাহায্য  সেৱা পুৰ্ণ গতিত বাহাল ৰখা হৈছে। বৰ্তমানে জিলাখনৰ বিভিন্ন স্থানত সক্ৰিয় হৈ থকা মুঠ ৩১ টা সাহায্য শিবিৰৰ যোগেদি মুঠ ১৫,১৯২ গৰাকী আশ্ৰিত বন্যাৰ্তক সাহায্য প্ৰদান কৰি থকা হৈছে। যোৱা ২৪ ঘণ্টাৰ ভিতৰত ১,২৩৯ কুইন্টল চাউল ২৩৫.১৭৪ কুইন্টল দাইল ,৭০.৫৫১২ কুইন্টল নিমখ, ৬,৬৭৭.১৬ লিটাৰ মিঠাতেল,চিৰা, গুড়, আদিৰ লগতে অন্যান্য সামগ্ৰী যেনে-অ. আৰ. এছ., তিৰপাল, দানা, হেলজেন টেবলেট,ব্লিছিং পাউদাৰ, টিউৱেল আদি বানাক্ৰান্তৰ মাজত বিতৰণ কৰা হয়৷ জিলাখনৰ উন্নয়নৰ দায়িত্বত থকা সকলো সংশ্লিষ্ট বিভাগ যেনে জনস্বাস্থ্য কাৰিকৰী বিভাগ, গড়কাপ্তানী বিভাগ, স্বাস্থ্য বিভাগ,পশু চিকিৎসা আৰু পশু পালন বিভাগ, সমাজ কল্যাণ বিভাগ, এপিডিচিএল আদিৰ বিভাগীয় মুৰব্বীয়ে বানাক্ৰান্ত অঞ্চলসমূহ পৰিদৰ্শন কৰি বিভাগৰ তৰফৰ পৰা সকলো সম্ভৱপৰ সাহায্য আৰু পুনৰুদ্ধাৰ কাৰ্য পূৰ্ণগতিত চলাই আছে। ইয়াৰ উপৰিও মুঠ ২৬ টা চিকিৎসকৰ দলে জিলাখনত অহৰ্নিশে সেৱা অব্যাহত ৰাখিছে ৷

একেদৰে বানপানীত নতুনকৈ হোৱা ক্ষয় ক্ষতি সমূহৰ জৰীপ কাৰ্যও চলাই থকা হৈছে ,যাতে সোনকালে বিহীত ব্যৱস্থা গ্ৰহণ কৰিব পৰা যায়। এনডিআৰএফ আৰু এছডিআৰএফৰ দল সমূহেও উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে আৰু এতিয়ালৈকে যোৱা ২৪ ঘণ্টাৰ ভিতৰত মুঠ ১৭০ গৰাকীক উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে। ইপিনে পূৰ্ব নিৰ্ধাৰিত ভাৱেই ভূটানৰ পৰা পানী এৰি দিয়া হৈছে যদিও এই প্ৰক্ৰিয়া নিয়ন্ত্ৰিত পদ্ধতিত ৰূপায়ণ কৰা হৈছে বাবে এতিয়ালৈকে জিলাখনত কোনো ধৰণৰ সমস্যাৰ সৃষ্টি হোৱা নাই। ভূটানৰ কুৰিশ্বু নদী বান্ধৰ পৰা এৰিবলগীয়া পানীৰ তথ্য তথা অসম ৰাজ্যিক দুৰ্যোগ প্ৰশমন প্ৰাধিকৰণ( ASDDMA)ৰ পৰা প্ৰাপ্ত তথ্য যুগুত কৰি জিলা দুৰ্যোগ প্ৰশমন প্ৰাধিকৰণে( DDMA) অনবৰতে এই প্ৰক্ৰিয়া সূক্ষ্মভাৱে নিৰীক্ষণ কৰি আছে আৰু যিকোনো পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ প্রস্তুত হৈ আছে। এঘণ্টাৰ পিছে পিছে নদীৰ জলপৃষ্ঠ বঢ়া কমাৰ তথ্যও যুগুত কৰি থকা হৈছে ৷ বৰ্তমানে মূল তিনিওখন নদী ক্ৰমে ব্ৰহ্মপুত্ৰ,আই আৰু আই-মানাহৰ জলপৃষ্ঠ বিপদ সীমাৰ তলেৰে বৈ আছে ,যিটো এটা সকাহৰ বিষয়।

Your Comments