
বঙাইগাঁওঃ
বঙাইগাঁও জিলাত মঙলবাৰে বতৰে বৰষুণৰ পৰা কিছু সকাহ দিছিল যদিও সোমবাৰে নিশা হোৱা প্ৰৱল বৃষ্টিপাতৰ ফলত জিলাখনৰ বিশেষকৈ উত্তৰ-শালমৰা মহকুমাৰ অধীনস্থ অঞ্চলসমূহ বানৰ কৱলৰ পৰা এতিয়াও মুক্ত হোৱা নাই ৷ বৰঞ্চ কিছু কিছু ঠাইত পানী কমিছে যদিও সৃজনগ্ৰাম আৰু বইটামাৰী ৰাজহ চক্ৰৰ অন্তৰ্গত বানাক্ৰান্ত গাঁওৰ সংখ্যা বৃদ্ধি পাইছে । আজি সৃজনগ্ৰাম ৰাজহ চক্ৰৰ বানাক্ৰান্ত গাঁওৰ সংখ্যা পূৰ্বৰ ৭৬ খনৰ পৰা বাঢ়ি ৮৯ খন হৈছে আৰু ঠিক তেনেদৰে বইটামাৰী ৰাজহ চক্ৰৰ বানাক্ৰান্ত গাঁৱৰ সংখ্যা ১৫ খনৰ পৰা বাঢ়ি ৬৫ খন হৈছে । আনহাতে ঠায়ে ঠায়ে বাঢ়নী পানী কিছু কমিছে যদিও সেই অঞ্চলসমূহত নতুনকৈ ওলোটা খন্দা সমস্যাটোৱে দেখা দিছে ৷ অৰ্থাৎ গঢ়া খহনীয়া বৃদ্ধি পাইছে। জিলাখনত সোমবাৰলৈ গঢ়া খহনীয়াৰ কৱলত পৰি গৃহাহাৰা হোৱা পৰিয়ালৰ সংখ্যা মুঠ ৩৫ টা আছিল ৷
কিন্তু ৬ নং ভাণ্ডাৰা গাঁৱত দুটাকৈ পৰিয়াল আৰু ৪ নং ভাণ্ডাৰা গাঁঁৱত ১২ টাকৈ পৰিয়াল পুনৰ নতুনকৈ খহনীয়াত আক্ৰান্ত হোৱাত এতিয়ালৈ মুঠ ৪৯ টা পৰিয়াল ক্ষতিগ্ৰস্ত হৈছে ৷ ইয়াৰ উপৰিও বানত ক্ষতিগ্ৰস্ত হোৱা কৃষি ভূমিৰ পৰিমানো বৃদ্ধি পাইছে। মঙলবাৰৰ তথ্য অনুসৰি বানত ক্ষতিগ্ৰস্ত কৃষি ভূমিৰ পৰিমাণ বিজনীত ৰাজহ চক্ৰৰ অধীনত ৩,৯৯৭.২৫ হেক্টৰ আৰু সৃজনগ্ৰাম ৰাজহ চক্ৰৰ অধীনত ২,৬৩২.৯ হেক্টৰলৈ বৃদ্ধি পাইছে ৷ অৱশ্যে বইটামাৰীত নতুনকৈ বৃদ্ধি হোৱা নাই। ইপিনে বানাক্ৰান্ত অঞ্চলৰ সংখ্যা বঢ়াৰ লগে লগে সৃজনগ্ৰাম আৰু বইটামাৰীত বানাক্ৰান্ত লোকৰ সংখ্যাও বৃদ্ধি হৈছে । বৰ্তমান সৃজনগ্ৰাম ৰাজহ চক্ৰত ১,২৭,৩৭৮ জন, বইটামাৰী ৰাজহ চক্ৰত ৭৩,৯১২ জন আৰু বিজনীৰ ইতিমধ্যে বানাক্ৰান্ত হৈ থকা লোক সকলক ধৰি বৰ্তমানে জিলাখনত সৰ্বমুঠ বানাক্ৰান্তৰ সংখ্যা প্ৰায় ২ লক্ষাধিক হ'ব। ইতিমধ্যে জিলাখনৰ বিভিন্ন স্থানত সাহাৰ্য্য সেৱা আগবঢ়াই থকা ৯ টা সাহাৰ্য শিবিৰ আৰু ৪১ টা সাহাৰ্য কেন্দ্ৰৰ যোগেদি বানাক্ৰান্ত সকললৈ বিভিন্ন সাহাৰ্য সামগ্ৰী প্ৰশাসনৰ তৰফৰ পৰা বিতাৰণ কৰি থকা হৈছে । সোমবাৰৰ পৰা মঙলবাৰলৈকে নতুনকৈ বিজনী, বইটামাৰী আৰু সৃজনগ্ৰামত মুঠ ২,৪৪০.১৩ কুইন্টল চাউল, ৪২৫.৭৩ কুইন্ট ডালি, ৯৪.৯৬ কুইন্টল নিমখ, ১৮.৯ লিটাৰ মিঠাতেল, ৩৭,৬৩৩ টা হেল'জেন টেবলেট , ৮০০ খন টাৰ্প'লিন, ৯৮০ পেকেট ব্লেছিং পাউদাৰ, ১৫৯ পেকেট অ আৰ এছ আৰু ৯৪ পেকেট মম আদি সাহাৰ্য সামগ্ৰী হিচাবে বিতৰণ কৰা হয়৷ সেইদৰে বানাক্ৰান্ত সকলক বিশুদ্ধ পানীৰ যোগান সুচল কৰাৰ বাবে জিলা জন স্বাস্থ্য কাৰিকৰী বিভাগে নতুনকৈ আৰু কেইবাটাও টিউবেল সংস্থাপন কৰিছে আৰু এই সংখ্যা পূৰ্বৰ ৩৫ ৰ পৰা বাঢ়ি ৪৮ হৈছেগৈ ৷ পশুধনৰ বাবেও বিতৰণ কৰা হৈছে পশু খাদ্য ৷ বানাক্ৰান্ত অঞ্চলত চিকিৎসক তথা স্বস্থ্য কৰ্মীৰ দল , পশু চিকিৎসকৰ দল উপস্থিত হৈ সেৱা আগবঢ়াইছে ৷ জিলাখনৰ উপায়ুক্ত, উত্তৰ শালমাৰা মহকুমাৰ মহকুমাধিপতি আদিয়ে বানাক্ৰান্ত অঞ্চলত উপস্থিত হৈ পৰিস্থিতিৰ ভুজ লৈছে ৷
সাধাৰণতে জিলাখনৰ বানাক্ৰান্ত পৰিয়াল সমূহৰ বেছিভাগেই সা-সম্পত্তি, ঘৰ দুৱাৰ বানত ক্ষতিগ্ৰস্ত হৈছে যদিও নিজৰ জীৱন জুৰি পৰিশ্ৰমৰ অন্তত অৰ্জন কৰা নিজৰ থকা মাটি ভেটি এৰি সাহাৰ্য শিবিৰত আশ্ৰয় নলৈ নিজৰ ঘৰৰ আশে পাশেই থকাৰেই ব্যৱস্থা কৰিছে। তথাপিটো বানাক্ৰান্ত গাওঁৰ সংখ্যা বৃদ্ধি পোৱাৰ লগে লগে সৃজনগ্ৰাম আৰু বইটামাৰীৰ সাহাৰ্য শিবিৰত আশ্ৰয় লোৱা বানাক্ৰান্তৰ সংখ্যা আগতকৈ কিছু বৃদ্ধি পাইছে। বৰ্তমানলৈ সৃজনগ্ৰামৰ সাহাৰ্য শিবিৰত মুঠ ১,২৯০ জন আৰু বইটামাৰীৰ সাহাৰ্য শিবিৰত ২,০৭৪ জন শৰণাৰ্থী আছে ৷ জিলাখনত এতিয়ালৈ বান পীড়িত কোনো লোকৰ মৃত্যৰ তথ্য পোৱা হোৱা নাই ৷ উল্লেখ্য যে ব্ৰহ্মপুত্ৰ নদীৰ জলস্তৰ প্ৰায় অপৰিৱৰ্তিত ভাৱে বিপদ সীমাৰ ওপৰে বৈ আছে যদিও বঙাইগাঁও জিলাবাসীৰ বাবে কিছু সকাহৰ খবৰ যে আই আৰু আই-মানাহৰ জলস্তৰৰ কিছু আশাব্যঞ্জক পৰিৱৰ্তন আহিছে।দিনটোৰ আগবেলা এই দুই নদীৰ জলপৃষ্ঠ বিপদসীমাৰ ওপৰে বৈ আছিল যদিও আবেলিৰ ভাগত নৈ দুখনৰ জলপৃষ্ঠ নিম্নগামী হৈছে আৰু বৰ্তমান বিপদ সীমাৰ তলেৰে বৈ আছে।
- Log in to post comments
- 6 views