২০১৪ৰ লোকসভা নিৰ্বাচনতকৈ ৫ শতাংশ কমিল দিল্লীত ভোটদানৰ হাৰ

vote

ৰাজধানী দিল্লীৰ সাতটা লোকসভা সমষ্টিত ২০১৪ চনৰ তুলনাত ভোটদানৰ হাৰ যথেষ্ট হ্ৰাস পোৱা পৰিলক্ষিত হয়।দেওবাৰে ষষ্ঠ পৰ্যায়ৰ লোকসভা নিৰ্বাচনত দিল্লীৰ সাতটা সমষ্টিত ভোটদানৰ হাৰ ৬০ শতাংশ হয়।ইয়াৰ বিপৰীতে ২০১৪ চনৰ লোকসভা নিৰ্বাচনত ভোট দানৰ হাৰ আছিল ৬৫.১ শতাংশ।কম ভোটদানৰ হাৰে কোনটো ৰাজনৈতিক দলক সহায় কৰিব,সেয়া ২৩ মে'তহে স্পষ্ট হ'ব।


উল্লেখ্য যে দিল্লীত পূৰ্বৰে পৰা ভোটদানৰ হাৰ কম হৈ আহিছে।১৯৮৯ চনৰ পৰা ২০০৯ চনলৈ সাতটা লোকসভা নিৰ্বাচনত দিল্লীত ভোটদানৰ হাৰে ৬০ শতাংশই স্পৰ্শ কৰা নাছিল।

Your Comments