জালাহৰ পৰা গুঞ্জন দাস
বৃহস্পতিবাৰৰ দিনটোত বজালীৰ শিঙিমাৰীত এখন ব্যতিক্ৰম বিবাহৰ আয়োজন হয়। কইনাৰ সাজত থকা কৃষ্ণা ঠাকুৰীয়াৰ টেপৰট্টাৰী গাঁৱৰ নয়ন ৰয়ৰ সৈতে আঠ বছৰীয়া প্ৰেমৰ সম্পৰ্ক আছিল আৰু তাৰ পৰিণতিত বিবাহৰ দিন স্থিৰ কৰা হৈছিল। বৃহস্পতিবাৰে কইনাৰ ঘৰত বিবাহৰ আয়োজন ঠিকেই চলিল৷ পিছে কইনাঘৰলৈ প্ৰেমিক নয়ন ৰয় দৰাৰ ৰূপত নাহিল। দৰাঘৰৰ পৰা খবৰ আহিল যে দৰাঘৰত বিবাহৰ কোনো আয়োজনেই নাই লগতে দৰাও পলাতক। কইনাঘৰৰ এই অৱস্থাত পাঠশালাৰ আনন্দৰাম বৰুৱা একাডেমীৰ কৰ্মচাৰী হিমাশু কলিতাই পত্নীৰূপে আঁকোৱালি ল'লে কইনা কৃষ্ণাক।
- Log in to post comments
- 637 views
