
এইবাৰ বিজেপিৰ প্ৰতি মোহভংগ হৈছে প্ৰবীণ গান্ধীবাদী নেতা আন্না হাজাৰেৰ৷ বিজেপি চৰকাৰ তথা দলৰ শেহতীয়া কাম-কাজক লৈ প্ৰবল অসন্তুষ্টি প্ৰকাশ কৰিছে বৰ্ষীয়ান নেতাগৰাকীয়ে৷ ৰালে গাঁৱত অনশনৰত আন্নাই বিজেপি চৰকাৰৰ বিৰুদ্ধে বিষোদগাৰ প্ৰকাশ কৰি চৰকাৰক তীব্ৰ সমালোচনা কৰা দেখা গৈছে৷ তেওঁ কয়- বিজেপিৰ প্ৰতি মোৰ শ্ৰদ্ধা নাইকিয়া হ'ল৷
২০১৪ নিৰ্বাচনত বিজেপিয়ে জয়ী হ'বলৈ মোক ব্যৱহাৰ কৰিছিল৷ লগতে তেওঁ পদ্মভূষণ সন্মান ঘূৰাই দিব বুলিও ক্ষোভেৰে মন্তব্য কৰে৷
- Log in to post comments
- 12 views