 
গুৱাহাটীৰ পাৰ্শ্বৱৰ্তী ৰাণীত অৱস্থিত বিনোদন পাৰ্ক ‘একোলেণ্ড’ৰ পানীৰ দ্বাৰা সংক্ৰমিত হৈ বৰপেটাৰ এটা পৰিয়ালৰ কেইবাজনো লোক অসুস্থ হৈ পৰা বুলি অভিযোগ উঠাৰ পিছত ৰাজ্যজুৰি তুমুল প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল। প্ৰণিধানযোগ্য যে বৰপেটাৰ এই পৰিয়ালটোৱে যোৱা ৯ জুলাইত একোলেণ্ড পাৰ্কলৈ ফুৰিবলৈ গৈ তাৰ কৃত্ৰিম জলাশয়ত জলকেলি কৰিছিল।

একোলেণ্ডত ৰং-ধেমালি সামৰি ঘৰ আহি পোৱাৰ পিছতে পৰিয়ালটোৰ কেইবাজনো লোক চকু আৰু চৰ্ম ৰোগত আক্ৰান্ত হোৱাত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছিল। অসম যুৱ পৰিষদৰ ৰাজ্যিক সম্পাদক অৰ্ণৱ ভৰালীয়ে কামৰূপ মহানগৰ জিলাৰ উপায়ুক্তক অভিযোগ দাখিল কৰাত উপায়ুক্তগৰাকীয়ে তাৎক্ষণিক ভাৱে বিষয়াৰ হতুৱাই একোলেণ্ডৰ ৱাটাৰ স্প’ৰ্টছ পাৰ্কৰ পানীৰ নমুনা সংগ্ৰহ কৰি গৱেষণাগাৰলৈ প্ৰেৰণৰ ব্যৱস্থা কৰিছিল।
শেহতীয়াভাবে এই তদন্তৰ প্ৰতিবেদনৰ ভিত্তিতে কামৰূপ মহানগৰৰ উপযুক্তই পৰৱৰ্তী নিৰ্দেশ নিদিয়া পৰ্য্যন্ত একোলেণ্ড বন্ধ থাকিব বুলি ঘোষণা কৰিছে।
- Log in to post comments
- 11 views
 
     
 
 
 
 
 

 
 
 
 
 
 
 
 
 
