নাগালেণ্ডৰ হৰ্ণবিল মহোৎসৱ : বিদেশী পৰ্যটকৰ বাবে আৰক্ষী বিভাগৰ বিশেষ বিভাগ গঠন

নাগালেণ্ডৰ হৰ্ণবিল মহোৎসৱ : বিদেশী পৰ্যটকৰ বাবে আৰক্ষী বিভাগৰ বিশেষ বিভাগ গঠন

প্ৰত্যেক বছৰৰ দৰে এই বছৰো নাগালেণ্ডত অনুষ্ঠিত হ'বলগীয়া জনগোষ্ঠীয় মহোৎসৱ 'হৰ্ণবিল মহোৎসৱ'ত উত্তৰ-পূৰ্বাঞ্চলৰ লগতে দেশীয় তথা বিদেশী পৰ্যটকেৰে ভৰি পৰিব ৷

এই মহোৎসৱৰ লগত সংগতি ৰাখি পৰ্যটকৰ নিৰাপত্তাৰ দিশটোৰ প্ৰতি লক্ষ্য ৰাখি আজি নাগালেণ্ড আৰক্ষীৰ উদ্যোগত নাগালেণ্ড পৰ্যটন আৰক্ষী বিভাগ এটা মুখ্য মন্ত্ৰীয়ে উদ্বোধন কৰে ৷

উদ্বোধনী ভাষণত মুখ্য মন্ত্ৰী নেফিউ ৰিঅ'ই বিদেশী পৰ্যটকক সেৱা কৰাই আমাৰ ধৰ্ম বুলি উল্লেখ কৰে ৷

এই অনুষ্ঠানতে নাগালেণ্ড পৰ্যটন আৰক্ষী বিভাগক সম্বৰ্ধনা জনোৱাৰ লগতে আৰক্ষীৰ বুকলেট আৰু সা-সামগ্ৰীসমূহ বিতৰণ কৰা হয় ৷
 

Your Comments