মঙলবাৰে মাজুলীলৈ আহিব পঞ্চায়ত নিৰ্বাচনৰ পৰ্যবেক্ষক জি এছ পানেছৰ

মঙলবাৰে মাজুলীলৈ আহিব পঞ্চায়ত নিৰ্বাচনৰ পৰ্যবেক্ষক জি এছ পানেছৰ

মাজুলী জিলাত এইবাৰ পঞ্চায়ত নিৰ্বাচন তদাৰক কৰিবলৈ ৰাজ্যিক নিৰ্বাচন আয়োগে অসম চৰকাৰৰ খনি, খনিজ সম্পদ আৰু ভূমি সংৰক্ষণ বিভাগৰ যুটীয়া সচিব জি এছ পানেছৰক পৰ্যবেক্ষক হিচাপে নিযুক্তি দিছে ৷

ৰাজ্যিক নিৰ্বাচন আয়োগৰ হৈ জিলাখনত পঞ্চায়ত নিৰ্বাচনৰ সমগ্ৰ প্ৰক্ৰিয়াটো পৰ্যবেক্ষণৰ দায়িত্ব লাভ কৰা অসম অসামৰিক সেৱাৰ জ্যেষ্ঠ বিষয়া পানেছৰ কাইলৈ আগবেলা মাজুলীত উপস্থিত হ'ব ৷

নিৰ্বাচনী পৰ্যবেক্ষকগৰাকীয়ে গডমূৰৰ আৱৰ্ত ভৱনত বাহৰ পাতি পঞ্চায়ত নিৰ্বাচনেৰে জড়িত দিশসমূহত নজৰ ৰাখিব ৷

Your Comments