বেংকে কাঢ়ি নিব বিজয় মালিয়াৰ লণ্ডনৰ অট্টালিকা, সোণৰ টয়লেট ছীট

ৌ

সুৰা মাফিয়া বিজয় মালিয়াৰ ভাল দিন উকলিবলৈ আৰু বেছি দিন নাই৷ চৰকাৰী বেংকৰ পৰা ঋন লৈ দেশ এৰি পলায়ন কৰা মালিয়াৰ বিৰুদ্ধে শেহতীয়াকৈ কঠোৰ হৈ পৰিছে গ্ৰেট ব্ৰিটেইন আদালতে৷ গ্ৰেট ব্ৰিটেইন আদালতে ছুইছ বেংক ই বি এছে ঋন লৈ দিয়া ধন উভতাই বিচৰা কাৰ্যৰ বিৰুদ্ধে মালিয়াই দাখিল কৰা সকলো নথি-পত্ৰ খাৰিজ কৰে ৷

এতিয়া গোচৰৰ চূড়ান্ত শুনানি গ্ৰহণ কৰা হ'ব অহা বৰ্ষৰ মে' মাহত৷ এনে পৰিপ্ৰেক্ষিততে লণ্ডনৰ ব্যয় বহুল অট্টালিকাত বাস কৰা সুৰা মাফিয়াজনে হেৰুৱাবলগীয়া হ'ব পাৰে সকলো সা-সম্পত্তি আৰু এই অট্টালিকাটোতে আছে এটা সোণৰ টয়লেট ছীট৷ দেশত থকা সম্পত্তিৰ পিছত এইবাৰ বিদেশত থকা সম্পত্তি হেৰুৱাব লগা হ'ব সুৰা মাফিয়াজনে ৷

২০১৯ চনৰ মে' মাহত মালিয়াৰ বিৰুদ্ধে চূড়ান্ত ৰায় প্ৰদান কৰিলেই সোণৰ টয়লেট ছীট ছুইছ বেংক ইউ বি এছৰ হাতলৈ যোৱাতো প্ৰায় নিশ্চিত হৈ পৰিছে ৷

Your Comments