পঞ্চায়ত নিৰ্বাচনৰ পিছতে গুৱাহাটীত ভূমিহীনক প্ৰদান কৰা হ'ব ভূমি পট্টা

 প্ৰদান

ৰাজ্যখনৰ ভূমিহীন, পট্টাহীন ৰাইজক মাটিৰ পট্টা দিয়াৰ দাবীত গুৱাহাটী মাটি পট্টাকৰণ সংগ্ৰাম সমিতি আৰু ভূমি অধিকাৰ সংগ্ৰাম সমিতি, অসমৰ দীৰ্ঘদিনীয়া দাবী ফলপ্ৰসূ হোৱাৰ পথত ৷ সংগ্ৰাম সমিতি আৰু চৰকাৰৰ মাজত হোৱা আলোচনামৰ্মে মাটিৰ পট্টা লাভ কৰাৰ পথ সুচল হৈছে ৷

চৰকাৰৰ মাজত হোৱা আলোচনামৰ্মে সংগ্ৰাম সমিতিয়ে ইতিপূৰ্বে ঘোষণা কৰা অহা ১৫ নৱেম্বৰত মুখ্য মন্ত্ৰীৰ বাসভৱন ঘেৰাও কাৰ্যসূচী স্থগিত কৰা হৈছে ৷ এই কথা আজি সংবাদমেলৰ যোগেদি ঘোষণা কৰে গুৱাহাটী মাটি পট্টাকৰণ সংগ্ৰাম সমিতিৰ সম্পাদক প্ৰবীণজ্যোতি কলিতাই ৷

 প্ৰদান

মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ হস্তক্ষেপত মাটি পট্টাকৰণ দীৰ্ঘদিনীয়া সমস্যাৰ সমাধান সূত্ৰে যোৱা ১৩ নৱেম্বৰত গুৱাহাটী আৱৰ্ত ভৱনত সন্ধিয়া ৬ বজাৰ পৰা প্ৰায় ২ ঘণ্টা সয়ম ধৰি গুৰুত্বপূৰ্ণ আলোচনা অনুষ্ঠিত হয় ৷

অসম চৰকাৰৰ ৰাজহ বিভাগৰ অতিৰিক্ত মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণ, অসম আৰক্ষীৰ বিশেষ শাখাৰ বিশেষ আৰক্ষী সঞ্চালক প্ৰধান পল্লৱ ভট্টাচাৰ্য, কামৰূপ জিলাৰ উপায়ুক্ত বিৰেন্দ্ৰ মিট্টাল, অতিৰিক্ত উপায়ুক্ত (ৰাজহ) পলাশ প্ৰতিম বৰাৰ উপস্থিত অনুষ্ঠিত বৈঠকত গুৱাহাটী মাটি পট্টাকৰণ সংগ্ৰাম সমিতিৰ প্ৰণৱ গোস্বামী, ভূমি অধিকাৰ সংগ্ৰাম সমিতি, অসমৰ সভাপতি প্ৰবীণজ্যোতি কলিতাসহ ২১জনীয়া প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে ৷

 প্ৰদান

বৈঠকৰ সিদ্ধান্ত অনুসৰি ভূমি পট্টনৰ যি দীঘলীয়া প্ৰক্ৰিয়া ইমান দিনে আছিল, ৰাইজে যি হাৰশাস্তিৰ সন্মুখীন হৈ আহিছে তাক ত্বৰান্বিত কৰি চৰকাৰে আমাৰ সংগঠনৰ সহোগত মাটি পট্টা প্ৰদানৰ কাম আৰম্ভ কৰাৰ আশ্বাস দিয়ে ৷

আমাৰ সংগঠনে ইতিমধ্যে প্ৰস্তুত কৰা তালিকা অনুসৰি আৰু আবেদনৰ ভিত্তিত প্ৰতিটো অঞ্চলে অঞ্চলে গৈ সংশ্লিষ্ট বিভাগৰ বিষয়া, মণ্ডল, কাননগোসকলে শিবিৰ পাতি ভূমি পট্টনৰ জটিল প্ৰক্ৰিয়াটো সমাধান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় ৷

তদুপৰি, আমাৰ সংগঠনৰ দ্বাৰা যিসকলৰ ভূমি পট্টনৰ ফাইল ভূমি উপদেষ্টা সমিতিৰ অনুমোদিত হৈ আছে উক্ত ফাইলসমূহ ভিত্তিত পঞ্চায়ত নিৰ্বাচনৰ পিছতে ভূমি পট্টন দিয়াৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে ৷


 

Your Comments