![A](/sites/default/files/styles/article_detail/public/2024-04/20240417_125849.jpg?itok=n5GDeg3i)
নিউজ ডেস্ক:
তেজপুৰৰ চিত্ৰলেখা নগৰ নিবাসী ৰঙাপৰা মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ ড০ ৰণেন্দ্ৰ মোহন ডেকা আৰু তেজপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বহুমূখী কন্যা বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষা ভাৰতী দাসৰ কন্যা ঈশ্বৰী ডেকাই কালি ঘোষিত ইউ পি এছ চি পৰীক্ষাত ৩২০ স্হানেৰে পুনৰ তেজপুৰলৈ সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছে।
গুৰুত্বপূৰ্ণ কথা এই যে, ঈশ্বৰী ডেকাই অসম প্ৰশাসনিক সেৱাৰ অধীনস্হ আসাম ফাইনেন্স চাৰ্ভিছ পৰীক্ষাতো তৃতীয় স্থানত উত্তীৰ্ণ হৈছে।
- Log in to post comments
- 3 views