নিউজ ডেস্ক:
নচিকেতা চক্রবর্তী , এক চিনাকি নাম ।  কলিকতাৰ জনপ্ৰিয় গায়কজনে  বঙালী ভাষাৰ সংগীতক উচ্চ শিখৰলৈ লৈ গৈছে ৷  । তেওঁ ২৯ বছৰ আগতেই  বাংলা আধুনিক সংগীতৰ  পৰিৱৰ্তন আনিছে  ৷সেই ধাৰা এতিয়াও অটুত আছে ৷
বঙালী সংগীতৰ অনুৰাগী সকলে অধীৰ আগ্রহেৰে তেখেতৰ নতুন গানলৈ অপেক্ষা কৰি আছে ৷
উল্লেখযোগ্য যে কলিকতাত" নচিকেতা মঞ্চ" নামেৰে তৈয়াৰ কৰা হৈছে ৮০০ খন আসন বিশিষ্ট এটা প্রেক্ষাগৃহ।
 সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ পিছত  আন  কোনো শিল্পীৰ ক্ষেত্ৰতেই এনে পদক্ষেপ লোৱা হোৱা নাছিল ৷  ‘জীবনমুখী’ গানৰ স্রষ্টা জনে  কলিকতাৰ সংবাদমাধ্যমৰ আগত এইদৰে কয় যে, ‘লাজ লাগিছে যদিও  যথেষ্ট আনন্দিতও হৈছো ৷মোৰ অনুষ্ঠানেৰেই যদি  প্রেক্ষাগৃহটিৰ শুভাৰম্ভ কৰা হয়  তেন্তে নিশ্চয়কৈ ভাল লাগিব ’ ৷গুৰুত্বপূৰ্ণ কথা এই যে  ২০১৯ চনত কলিকতাৰ হাওৰাত নচিকেতাৰ নামত  সাতদিনীয়া এখন  মেলাও অনুষ্ঠিত হৈছিল ৷
 নচিকেতা ফেন ক্লাব ‘আগুনপাখি’ৰ তৰফৰ পৰা  অভিনন্দন জনাই কৈছে যে ‘কোনো শিল্পীৰ নামত  জীবিত কালত  প্রেক্ষাগৃহ তৈয়াৰ  হোৱা  ঘটনা  সমগ্ৰ পশ্চিমবঙ্গতেই  বিৰল ৷ আমি ‘অগ্রগতি’ সংস্থাৰ কাৰ্যত কৃতজ্ঞতা প্ৰকাশ কৰিছো ।’
গুৰুত্বপূৰ্ন কথা এই যে ত্ৰিছ বছৰীয়া সংগীত যাত্ৰাত নচিকেতাই প্রায় ১০ হাজাৰখন মঞ্চত অনুষ্ঠান প্ৰদৰ্শন কৰিছে ৷ তেওঁৰ প্ৰকাশিত গানৰ সংখ্যা প্ৰায় আঠশ ৷
- Log in to post comments
 - 20 views
 
    
