 
#নুৰুল ইছলাম,চানডুবিঃ
পশ্চিম কামৰূপ বন সংমণ্ডলৰ কুলশী বনাঞ্চলিক কাৰ্যালয়ৰ অন্তৰ্গত টিয়াঁমাৰীৰ দেৱীপাৰাত বৃহস্পতিবাৰে এটা মৃত বনৰীয়া হাতী উদ্ধাৰ হয়।স্থানীয় একাংশ লোকে জানিবলৈ দিয়া অনুসৰি পুৱতি নিশা উক্ত এলেকাত বনৰীয়া হাতীৰ প্ৰাণকাতৰ চিঞৰ- বাখৰ শুনিবলৈ পোৱাৰ বিপৰীতে বৃহস্পতিবাৰে পুৱাৰ ভাগত প্ৰায় ৮ বছৰীয়া মৃত হাতীটো দৃষ্টিগোচৰ হয়।
আনহাতে, একাংশ সচেতন লোকৰ ধাৰণা অনুসৰি প্ৰায় ১৫/২০ টা বনৰীয়া হাতীৰ জাকটোৱে পানীৰ সন্ধানত পাহাৰৰ পৰা ভৈয়ামলৈ নামি আহিছিল ৷ পিছে কোনো দুষ্ট প্ৰকৃতিৰ লোকে উক্ত এলেকাত গোপনভাৱে স্থাপন কৰি থোৱা বিদ্যুৎ সংযোগত বিদ্যুৎপৃষ্ট হৈ এনেদৰে কৰুণ মৃত্যুক সাৱটি লবলগীয়া হোৱা বুলি সন্দেহ ব্যক্ত কৰিছে সচেতন লোকসকলে ৷ অৱশ্যে মৰণোত্তৰ পৰীক্ষাৰ অন্ততহে হাতীটোৰ মৃত্যুৰ প্ৰকৃত কাৰণ স্পষ্ট হৈ পৰিব ৷
- Log in to post comments
- 9 views
 
     
 
 
 
 
 

 
 
 
 
 
 
 
 
 
