
ক'ৰ'না আক্রান্তৰ দ্ৰুত বৃদ্ধিত উদ্বিগ্ন ৰাজ্যৰ শিক্ষা বিভাগ।ছাত্ৰ-ছাত্ৰীৰ জীৱনৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ স্বাৰ্থত বিদ্যালয়ত পাঠদান অব্যাহত ৰখাৰ সন্দৰ্ভত জাৰি কৰিছে গুৰুত্বপূৰ্ণ নিৰ্দেশনা।চৰকাৰী-বেচৰকাৰী সকলো বিদ্যালয়ত প্ৰযোজ্য হ'ব এই নিয়ম।
নিৰ্দেশনাত উল্লেখ থকা অনুসৰি ক'ভিড প্ৰট'কল মানি চলি সপ্তম শ্রেণীৰ পৰা দ্বাদশ শ্রেণীলৈকে প্ৰতিটো ক্লাছত ৫০শতাংশ ছাত্ৰ- ছাত্ৰী উপস্থিত থাকিব পাৰিব।
নিৰ্দেশনাটোত উল্লেখ কৰা মতে ৫০জন ছাত্ৰ-ছাত্ৰী থাকিলে ৰোল নম্বৰ ১ৰ পৰা ২৫লৈ সোমবাৰ, বুধবাৰ আৰু শুকুৰবাৰে পাঠদান হ'ব।একেদৰে ২৬ৰ পৰা ৫০লৈকে মঙলবাৰ, বৃহস্পতিবাৰ,শনিবাৰে পাঠদান অনুষ্ঠিত কৰিব লাগিব। ৫০জনতকৈ অধিক ছাত্ৰ-ছাত্ৰী থাকিলে তেনেদৰে ভাগ কৰি দিব বিদ্যালয় মুৰব্বীয়ে।
পাঠদান কিমান সময় হ'ব সেয়া বিদ্যালয় কৰ্তৃপক্ষই নিৰ্ধাৰণ কৰি ল'ব।
সম্ভৱ হ'লে অনলাইন পাঠদান ব্যৱস্থা কৰাৰ পৰামৰ্শ।
বিদ্যালয় কৰ্তৃপক্ষই ছাত্ৰ-ছাত্ৰীক কভিড প্ৰট'কল মানি চলাব লাগিব।মাক্স, হেণ্ড চেনিটাইজাৰ,সামাজিক দূৰত্ব বাধ্যতামূলক।
বিদ্যালয়ৰ পুৱা প্ৰাৰ্থনা সভা অনুষ্ঠিত কৰিব নোৱাৰিব।
কোনো ছাত্ৰ-ছাত্ৰী,শিক্ষক-কৰ্মচাৰীৰ ক'ভিড লক্ষণ দেখা পালে বিদ্যালয়ত উপস্থিত থাকিব নোৱাৰিব।
- Log in to post comments
- 40 views