
উপ-নিৰ্বাচন অনুষ্ঠিত নহয় অসমত।ভাৰতৰ নিৰ্বাচন আয়োগে জনালে এই কথা।উল্লেখ্য যে শিৱসাগৰ আৰু ৰঙাপাৰা বিধানসভা সমষ্টিত উপ-নিৰ্বাচন অনুষ্ঠিত হোৱাৰ কথা আছিল।শিৱসাগৰ সমষ্টিত প্ৰণৱ গগৈ আৰু ৰঙাপাৰা সমষ্টিত বিধায়ক ৰাজেন বৰঠাকুৰৰ বিয়োগৰ পিছত খালি হৈ আছিল সমষ্টিকেইটা।
অহা ২০২১ৰ এপ্ৰিল-জুন মাহত অসমত যিহেতু বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ'ব,সেই বাবে উপ-নিৰ্বাচন নহ'ব বুলি উল্লেখ কৰিছে আয়োগে।
গুৰুত্বপূৰ্ণ যে অসমৰ উপৰিও অন্য তিনিখন ৰাজ্যৰ ৭টা সমষ্টিৰ অনুষ্ঠিত নহয় উপ-নিৰ্বাচন।
- Log in to post comments
- 18 views